ETV Bharat / state

নগাঁৱৰ কন্দলীত বন্য হস্তীৰ উপদ্ৰৱ

author img

By

Published : Aug 21, 2021, 4:24 PM IST

বঢ়মপুৰৰ কন্দলীত বন্য হস্তীয়ে কেইবাটাও ঘৰ ভাঙি চুৰমাৰ কৰে । অৱশ্যে কথমপি প্ৰাণ ৰক্ষা পৰিয়ালকেইটাৰ । বনবিভাগে বিষয়টো অৱহেলা কৰাৰ অভিযোগ ।

elephant human conflict
নগাঁৱৰ কন্দলীত বন্য হস্তীৰ উপদ্ৰৱ

বঢ়মপুৰ,২১ আগষ্ট: সমগ্ৰ অসমতে একাংশ দুষ্টচক্ৰই ধ্বংস কৰি আহিছে পাহাৰবোৰ। যাৰ ফলত খাদ্যৰ অভাৱ ঘটিছে বনৰীয়া জন্তুৰ । সেয়ে বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত প্ৰায়ে হাতী আৰু আন জন্তুবোৰ নামি অহা পৰিলক্ষিত হয় ।

বিশেষকৈ বন্যহস্তীসমূহ প্ৰায়ে খাদ্যৰ সন্ধানত আহি মানুহৰ খেতি পথাৰ আদি নষ্ট কৰে । ফলত বহু স্থানত হস্তী মানুহৰ সংঘাত হোৱাও দেখিবলৈ পোৱা যায় । বৰ্তমান সময়ত অসমৰ বাবে হস্তী মানুহৰ সংঘাত (elephant human conflict) এক প্ৰধান সমস্যা হৈ পৰিছে ।

ৰাজ্যৰ একাংশ জিলাত প্ৰায়ে এই সংঘাত দেখিবলৈ পোৱা যায় । নগাঁও জিলাৰো ভিন্ন প্ৰান্তত অব্যাহত আছে হস্তী মানুহৰ সংঘাত । বন্যহস্তীয়ে একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰি আহিছে নগাঁৱৰ বহু অঞ্চলত । এইবাৰ জিলাখনৰ বঢ়মপুৰৰ কন্দলীৰ বিভিন্ন অঞ্চলত তাণ্ডৱ চলাই বন্যহস্তীৰ জাকে ।

নগাঁৱৰ কন্দলীত বন্য হস্তীৰ উপদ্ৰৱ

নিশা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ জাকে চোট কন্দলী নৱৰূপা আদৰ্শ গাঁৱত তাণ্ডৱ চলাই পকীঘৰসহ চাৰিটা বাসগৃহ ভাঙি চুৰমাৰ কৰে ৷ বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়াল কেইটাৰ ৷ আনহাতে বন্যহস্তীৰ উপদ্ৰৱৰ খবৰ দিয়াৰ পাছতো হাতী খেদিবলৈ ঘটনাস্থলীত বন বিভাগৰ (Forest department) লোক উপস্থিত নোহোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

যাৰ বাবে বন্যহস্তীৰ আতংকত নিশা বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে অঞ্চলবাসীয়ে ৷ পুৱা স্থানীয় ৰাইজে বন্যহস্তীৰ জাকটো খেদি পঠিয়াবলৈ সক্ষম হয় ৷ ৰাইজৰ অভিযোগ দীৰ্ঘ দিনৰ পৰা বন্যহস্তীয়ে অঞ্চলটোত আতংকৰ সৃষ্টি কৰি বাসগৃহকে ধৰি খেতি পথাৰ নষ্ট কৰি আহিছে যদিও আজিলৈ কোনো চৰকাৰী সাহাৰ্য লাভ কৰা নাই ভুক্তভোগী পৰিয়ালসমূহে ৷

লগতে পঢ়ক:মহৰম উপলক্ষে ডিব্ৰুগড়ত শান্তিপূৰ্ণ শোভাযাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.