ETV Bharat / state

চামগুৰিত বন্যহস্তীৰ সন্ত্ৰাসত আতংকিত গাঁওবাসী

author img

By

Published : Oct 8, 2020, 2:29 PM IST

Updated : Oct 8, 2020, 2:53 PM IST

নগাঁৱৰ চামগুৰিত বন্যহস্তীৰ সন্ত্ৰাস । বিনষ্ট কৰিলে বৃহৎ কৃষি পথাৰ । খাদ্যৰ সন্ধানত জনাঞ্চললৈ অহা হাতীৰ জাকে নষ্ট কৰে এই শস্য ৷

Elephant conflict in samaguri nagaon assam etv bharat news
বন্যহস্তীৰ সন্ত্ৰাস

নগাঁও,8 অক্টোবৰ: নগাঁও জিলাৰ চামগুৰিৰ হাঁহচৰা বৰালী গাঁৱত পুনৰ উপদ্ৰৱ বন্যহস্তীৰ ৷ অঞ্চলটোত এতিয়া প্ৰায় প্ৰতিদিনে সন্ধিয়া হ'লেই বনৰীয়া হাতীৰ তিনিজনীয়া এটা জাকে পথাৰত প্ৰৱেশ কৰি উপদ্ৰৱ চলোৱাৰ লগতে তহিলং কৰে কৃষি ভূমি ৷ বিগত প্ৰায় এসপ্তাহ ধৰি হাতীৰ জাকটোৱে এনেদৰে চলাই আহিছে উপদ্ৰৱ ৷ পুৱতি নিশা পোহৰ হোৱাৰ পূৰ্বে হাতীকেইটাই পথাৰত গেৰমেলা ধানৰ খেতি তহিলং কৰি অৱস্থান কৰেগৈ সমীপৰে এখন ডাঠ হাবিত ৷ ফলত বিনষ্ট হৈছে কৃষকৰ কষ্টোপাৰ্জিত বিঘা বিঘাই ধান খেতি ৷ কেঁচা ধাননিত একাঁঠু পানীৰ মাজত নিশা এপৰলৈকে হাতী ৰখিবলৈ বাধ্য হোৱা কৃষকসকলে উপায়বিহীন হৈ বন বিভাগৰ বিৰুদ্ধে উজাৰে চৰম ক্ষোভ ৷ কিয়নো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণলৈ খেতি কৰিছিল এইসকল কৃষকে ৷ সম্প্ৰতি হাতীৰ আক্ৰমণৰ বাবে বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে ৷ কৃষকসকলে এই বিষয়ে বন বিভাগক অৱগত কৰিও লাভ কৰা নাই কোনো সঁহাৰি ৷

বন্যহস্তীৰ সন্ত্ৰাস

উল্লেখ্য যে, বিগত সময়ছোৱাত ৰাজ্যত অব্যাহত থকা লক ডাউনৰ সময়তো হাতীৰ জাকে উপদ্ৰৱ চলাইছিল অঞ্চলটোত ৷ কিন্তু ইয়াৰ পিছতো কোনো গুৰুত্ব আৰোপ নকৰিলে স্থানীয় বন বিভাগে ৷

লগতে চাওকঃ দেশৰ 24 খন বিশ্ববিদ্যালয়ক ভুৱা ঘোষণা বিশ্ববিদ্যালয় অনুদান আয়োগৰ

Last Updated : Oct 8, 2020, 2:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.