ETV Bharat / state

কলিয়াবৰত হাতীৰ আক্ৰমণত নিহত এজন - elephant attack at kaliabor

নগাঁৱৰ কলিয়াবৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত মনৰূপ মল্লিক নামৰ এজন যুৱক । শুকুৰবাৰে বৰভগীয়া গাঁৱত সংঘটিত হয় এই শোকাৱহ ঘটনাটো ।

কলিয়াবৰত হাতীৰ আক্ৰমণত নিহত এজন
কলিয়াবৰত হাতীৰ আক্ৰমণত নিহত এজন
author img

By

Published : Mar 20, 2021, 4:46 PM IST

কলিয়াবৰ,২০ মাৰ্চ: ৰাজ্যত অব্যাহত আছে বনৰীয়া হাতী-মানুহৰ সংঘাত । এইবাৰ নগাঁৱৰ কলিয়াবৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন যুৱক । শুকুৰবাৰে বৰভগীয়া গাঁৱত সংঘটিত হয় এই শোকাৱহ ঘটনাটো ।

প্ৰাতঃভ্ৰমণৰ বাবে গৈছিল মনৰূপ মল্লিক নামৰ যুৱকজন । কিন্তু সেই সময়তে বনৰীয়া হাতীৰ আক্ৰমণ কৰে তেওঁক । হাতীৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হোৱা মনৰূপক ততাতৈয়াকৈ জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

পিছত উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হয় যদিও মৃত্যুক সাৱটি লয় মনৰূপে ‌। এই ঘটনাৰ পিছত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত ।

লগতে পঢ়ক: 'কা' বাতিলৰ দাবীৰে ধেমাজিত ছাত্ৰ সন্থাৰ বাইক ৰেলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.