ETV Bharat / state

নিৰ্মীয়মান নগাঁও চিকিৎসা মহাবিদ্যালয়ত অঘটন

author img

By

Published : May 30, 2021, 10:25 PM IST

নিৰ্মীয়মান নগাঁও চিকিৎসা মহাবিদ্যালয়ত অঘটন। বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু। ঠিকাদাৰৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ।

নিৰ্মীয়মান নগাঁও চিকিৎসা মহাবিদ্যালয়ত অঘটন
নিৰ্মীয়মান নগাঁও চিকিৎসা মহাবিদ্যালয়ত অঘটন

নগাঁও, 30 মে’: নগাঁৱৰ ম'হখুলিত নিৰ্মাণ কাৰ্য চলি থকা চিকিৎসা মহাবিদ্যালয়ত দেওবাৰে পুৱা সংঘটিত হয় এক অঘটন । মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্যত জড়িত এজন শ্ৰমিকৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । কামত নিয়োজিত হৈ থকা সময়তে হঠাৎ বিদ্যুৎস্পৃষ্ট হয় নগাঁৱৰ আমনিৰ বিজয় ওৰাং নামৰ শ্ৰমিকজন । লগে লগে বিদ্যুৎস্পৃষ্ট শ্ৰমিকজনে মৃত্যুক সাৱটিবলগীয়া হয় ।

তাৰ পিছতে মেডিকেল কলেজৰ নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰ গাফিলতিৰ বাবেই শ্ৰমিকজনৰ মৃত্যু হোৱা বুলিও অভিযোগ উত্থাপন কৰিছে সতীৰ্থ শ্ৰমিকে । শ্ৰমিকজনৰ মৃত্যুৰ উচিত তদন্তৰো দাবী উত্থাপন কৰে শ্ৰমিকসকলৰ লগতে নিহত শ্ৰমিকৰ পৰিয়ালে । তদন্ত নহ’লে মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্য বন্ধ ৰখাৰো হুংকাৰ দিলে একাংশ শ্ৰমিকে ।

আনকি শ্ৰমিকজনৰ মৃত্যুৰ বহু পলমকৈ ঠিকাদাৰ প্ৰতিষ্ঠানৰ লোক উপস্থিত হোৱাক লৈ ক্ষোভিত হৈ পৰে আন শ্ৰমিক সকল । ইপিনে সম্প্ৰতি ঘটনাস্থলীত ইটাচালি আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়কঃ পৰিত্যক্ত অৱস্থাত অত্যাধুনিক সুবিধাযুক্ত এখন বিশেষ বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.