ETV Bharat / state

পানী মেটেকাৰে ক্ষুধা নিবাৰণ বৃ্দ্ধ দম্পতীৰ ! - nagaon news

পেটত ক্ষুধাৰ জ্বালা ৷ চৰু জুৰিবলৈ নাই এমুঠি চাউল ৷ কাৰোৰে ওচৰত হাত পাতিবলৈও নাই অৱকাশ ৷ জীয়াই থকাৰ দুৰ্বাৰ তাড়ণাত খাবলৈ একো নাপায় পানী মেটেকাকেই ভক্ষণ কৰিছে এটা বৃদ্ধ দম্পতীয়ে ৷

elderly couple survives on water hyacinth

author img

By

Published : Apr 30, 2020, 6:25 PM IST

নগাঁও, 30 এপ্ৰিল : কেউফালে লক্ ডাউন ৷ স্তব্ধ হৈ পৰিছে চিৰাচৰিত মানৱ জীৱন ৷ লক্ ডাউনে একাংশ লোকৰ জীৱনলৈ নমাই আনিছে দুৰ্দশা ৷ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত উদমাৰী গোঁহাই গাঁৱত খাবলৈ একো নাপায় পানী মেটেকাকেই ভক্ষণ কৰিছে এটা বৃদ্ধ দম্পতীয়ে ৷

পৰিয়ালটোত আছে বৃদ্ধ স্বামী-স্ত্ৰী ৷ খোজ দিবলৈ দুভৰি শক্তিহীন বৃদ্ধ ভৈৰৱ স্বৰ্গীয়াৰীৰ । কোনোমতে চুচৰি এঠাইৰ পৰা আনঠাইলৈ যায় তেওঁ । ভৈৰৱ স্বৰ্গীয়াৰীৰ পত্নী ৰূপাটী স্বৰ্গীয়াৰীৰো শাৰীৰিক অৱস্থা তনকিয়াল নহয় । তাৰোপৰি একমাত্ৰ পুত্ৰ লক্ ডাউনৰ বাবে আবদ্ধ হৈ আছে ডিমাপুৰত । বৃদ্ধ দম্পতীৰ হাতত খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ নাই ধন-বীট । চৰকাৰৰ ঘৰৰ পৰা আংশিক সহায় লাভ কৰিছিল যদিও সেইয়াও শেষ হোৱাত দিশহাৰা হৈ পৰিছে তেওঁলোক । উপায়হীন হৈ এইদৰে পানী মেটেকাকেই ভক্ষণ কৰিব লগীয়া হৈছে বৃদ্ধ স্বামী-স্ত্ৰীহালে ।

খাদ্যৰ অভাৱত পানী মেটেকা ভক্ষণ এটা বৃদ্ধ দম্পতীৰ

উল্লেখ্য যে, সমষ্টিটোৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বিগত সময়ত ফেচবুক লাইভ কৰি সাহায্য বিতৰণ কৰাই নহয়, নিজৰ লগতে দলৰ শীৰ্ষ নেতাৰ ফটো সম্বলিত মোনাত সাহায্য প্ৰদান কৰি যথেষ্ট চৰ্চাও লাভ কৰিছে । কিন্তু ৰকিবুল হুছেইনৰ দৰে বিধায়কৰ গৃহ সমষ্টিৰ এটা পৰিয়ালে জীয়াই থকাৰ তাড়নাত এইদৰে পানী মেটেকা খাব লগীয়া হোৱা ঘটনা সঁচাকৈয়ে আশ্চৰ্য জনক ৷ কেৱল এই পৰিয়ালটোৱেই নহয়, দিন হাজিৰা কৰি জীৱিকা অর্জন কৰা গাঁওখনৰ অধিকাংশ পৰিয়ালৰে এতিয়া পানীত হাঁহ নচৰা অৱস্থা । কিন্তু জনপ্ৰতিনিধিতো বাদেই স্থানীয় কোনো ৰাজনৈতিক পালিনেতাইও খবৰ ল'বলৈ আহৰি পোৱা নাই এইসকল লোকৰ ৷

জীয়াই থকাৰ তাড়ণাত এইদৰে এটা বৃদ্ধ দম্পতীয়ে পানী মেটেকা খাই ক্ষুধা নিবাৰণ কৰিবলগীয়া হোৱা ঘটনা দুৰ্ভাগ্যজনক ৷ ৰোগৰ পৰা সকাহ দিয়াৰ বিনিময়ত লক্ ডাউনে যেন কাঢ়ি নিছে ভৈৰব স্বৰ্গীয়াৰী আৰু ৰূপাটী স্বৰ্গীয়াৰীৰ দৰে নিঃকিন পৰিয়ালৰ পেটৰ ভাত ৷

লগতে পঢ়ক : দুখীয়াৰ ভোকৰ ভাতত কাৰ শেন চকু !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.