ৰহা,19 এপ্ৰিলঃ নগাঁৱৰ ৰহাত লক ডাউনৰ বাবে বাতিল হ'ল গোঁসাই উলিওৱা মেলা ৷ পৰম্পৰা ৰক্ষা কৰি গোসাঁইঘৰতে অনুষ্টুপীয়াকৈ উদযাপন কৰিলে ভকত- বৈষ্ণৱ সকলে ৷
উল্লেখ্য যে,মধ্য অসমৰ ঐতিহাসিক সাতোৰজা-পাঁচোৰজাৰ স্মৃতি বিজড়িত এই গোসাঁই উলিওৱা মেলা নগাঁৱৰ ৰহাত প্ৰথম অনুষ্ঠিত হৈছিল ৷ টোপাকুছিৰ ৰজাই এই গোসাঁই মেলাৰ অনুষ্ঠিত কৰিছিল। কিন্তু এইবাৰ কৰ'ণা ভাইৰাছৰ বাবে লক ডাউন চলি থকাৰ কাৰণে উক্ত অনুষ্ঠানখন বাতিল কৰিলে উদ্যোক্তাসকলে ।
আনহাতে,পৰম্পৰা ৰক্ষা কৰি ভকত-বৈষ্ণৱসকলে গোসাঁইঘৰতে গোসাঁইক মাংগলিক কাৰ্য সমাপন কৰি সামৰণি মাৰে অনুষ্ঠানটোৰ । একেদৰে ৰহাৰ হাৰিয়ামুখৰ বুঢ়া গোসাঁই থানতো বাতিল কৰিলে গোসাঁই উলিওৱা মেলা । ধৰ্মীয় পৰম্পৰাৰে থানতে গোসাঁই উলিওৱা কাৰ্যসূচী সামৰণি মাৰে স্থানীয় ৰাইজে ৷