বঢ়মপুৰ,2 জুন: ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ ড্ৰাগছ সৰবৰাহকাৰীৰ মূৰৰ কামোৰণি হৈ পৰিছে এতিয়া অসম আৰক্ষী ৷ প্ৰত্যেক দিনাই আৰক্ষীৰ কবলত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী ৷ মঙলবাৰে বঢ়মপুৰ আৰক্ষীৰ জালত পৰে ড্ৰাগছসহ দুই সৰবৰাহকাৰী ৷
![কামপুৰত আৰক্ষীৰ জালত ড্ৰাগছসহ আটৰ দুই যুৱক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-barhampur-802-02jun-durgs-visualbyte-asc10032_02062021113606_0206f_1622613966_781.jpg)
প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে নিশা কামপুৰৰ কাকতি গাঁৱৰ ৰাইজে ড্ৰাগছসহ দুজন যুৱকক আটক কৰি গতাই দিয়ে কামপুৰ আৰক্ষীক । আটকাধীন দুই যুৱক ক্ৰমে মাগুৰগাঁৱৰ ইক্ৰামুল হক আৰু কাকতি গাঁৱৰ দিলোৱাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে ।
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, যুৱক দুজনৰ পৰা ১৩৭ গ্ৰাম ওজনৰ ২৬২ টা নিচাযুক্ত টেবলেট উদ্ধাৰ কৰা হৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে আটকাধীন যুৱকদ্বয়ক ৷
লগতে পঢ়ক: মহানগৰীত ড্ৰাগছসহ ২ জনক আটক