ETV Bharat / state

নগাঁৱত নিচাযুক্ত সামগ্ৰীসহ আটক চাৰি সৰবৰাহকাৰী

author img

By

Published : May 22, 2021, 6:57 PM IST

ড্ৰাগছ বিৰোধী অভিযান অব্যাহত নগাঁও আৰক্ষীৰ। পুনৰ ব্ৰাউন চুগাৰ, হেৰ'ইনসহ আটক চাৰিজনকৈ সৰবৰাহকাৰী । সম্প্ৰতি চাৰিজনকে জেল হাজেতলৈ প্ৰেৰণ কৰা হৈছে ।

drugs seized
নগাঁৱত ব্ৰাউন চুগাৰ, হেৰ'ইনসহ আটক চাৰি সৰবৰাহকাৰী

নগাঁও, ২২ মে': আনন্দ মিশ্ৰৰ যোগদানৰ পিছতে পূৰ্বতকৈ অধিক সক্ৰিয় হৈ পৰিছে নগাঁও আৰক্ষী । নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে আই পি এছ বিষয়া আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছৰে পৰা ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

শুকুৰবাৰে নিশাও নগাঁৱৰ সদৰ আৰক্ষী থানাৰ আৰক্ষীৰ এটা দলে চকীটুপত অভিযান চলাই বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ, হেৰ'ইনসহ নিচাজাতীয় দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হয় । লগতে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত চাৰিজনক আটক কৰে আৰক্ষীয়ে । আটক কৰা চাৰিজন ক্ৰমে আফাজউদ্দিন, ৰমাজন আলী, চৱনম সিং আৰু লিখন হাজৰিকা । সম্প্ৰতি চাৰিজনকে জেল হাজেতলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

লগতে পঢ়ক: ক'ভিড-19: আক্ৰান্তৰ হাৰ কমিলেও কমা নাই মৃত্যুৰ হাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.