ETV Bharat / state

নগাঁৱত নিষিদ্ধ হেৰ'ইনসহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী - আনন্দ মিশ্ৰ

নগাঁৱত ড্ৰাগছ (DRUGS) বিৰোধী অভিযান অব্যাহত আনন্দ মিশ্ৰ (Anand Mishra) বাহিনীৰ। পুনৰ নিষিদ্ধ হেৰ'ইনসহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী।

drugs-seized-at-nagaon-police
নগাঁৱত নিষিদ্ধ হেৰ'ইনসহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী
author img

By

Published : Jul 9, 2021, 8:22 AM IST

নগাঁও, 9 জুলাই : নগাঁৱত যোগদান কৰিয়েই ড্ৰাগছমুক্ত নগাঁও গঢ়াৰ সংকল্প লৈছিল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই (Anand Mishra) । ড্ৰাগছৰ লগতে অন্যান্য অপৰাধৰ বিৰুদ্ধে অভিযান চলাবলৈ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই গঠন কিৰিছিল তিনিটাকৈ বিশেষ গোট । অপৰাধৰ বিৰুদ্ধে অভিযান চলোৱাৰ উদ্দেশ্যে এ এন এছ( ANS) অৰ্থাৎ এন্টি নাৰ্ক'টিক স্কোৱাড, QRT অৰ্থাৎ কুইক ৰিয়েকশ্যন টিম আৰু ৰাইডাৰ টিম নামেৰে গঠন কৰা তিনিটা গোটে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে নগাঁৱত ।

নগাঁৱত নিষিদ্ধ হেৰ'ইনসহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী

বৃহস্পতিবাৰে বিয়লি আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই (Anand Mishra) গঠন কৰি দিয়া ৰাইডাৰ টিমে অভিযান চলাই লাভ কৰে সফলতা । বিয়লি নগাঁও চহৰৰ ডিমৰুগুৰিৰ দলঙৰ সমীপত এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চলায় অভিযান । এখন স্কুটিৰে ড্ৰাগছ সৰবৰাহ কৰি থকা সময়তে আৰক্ষীৰ দলটোৱে তালাচী চলায় স্কুটিখন । নগাঁও আৰক্ষীৰ )Nagaon Police) সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শইকীয়াৰ তত্বাৱধানত ৰাইডাৰ দলটোৱে অভিযান চলাই স্কুটিখনৰ পৰা বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় ।

জব্দ কৰা হেৰ'ইনৰ মূল্য লক্ষাধিক টকা হ'ব বুলি অনুমান কৰা হৈছে । উল্লেখযোগ্য যে, নগাঁৱৰ ভোটাই আটিৰ গুলজাৰ হুছেইন আৰু ফিদুল হুছেইনক আটক কৰে আৰক্ষীৰ দলটোৱে ।

ড্ৰাগছ সৰবৰাহত জড়িত যুৱক দুজনক আটক কৰাৰ লগতে সৰবৰাহত ব্যৱহাৰ কৰা স্কুটিখনো জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো। মুঠৰ ওপৰত এতিয়া কোনো কাৰণতেই নগাঁও আৰক্ষীৰ চকুত ধূলি দি নগাঁও চহৰ পাৰ হৈ যাব নোৱাৰে ড্ৰাগছ সৰবৰাহকাৰী ।

লগতে পঢ়কঃ কেতিয়া আদায় হ'ব চৰকাৰী বিভাগৰ বহু কোটি টকীয়া অপৰিশোধিত বিদ্যুৎ মাছুল ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.