ETV Bharat / state

নগাঁৱত পুনৰ জব্দ লক্ষাধিক টকাৰ ড্ৰাগছ - আংশিক লকডাউন

মঙলবাৰে নিশা নগাঁও আৰক্ষীয়ে অভিযান চলাই লক্ষাধিক টকাৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হয় । নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক তৃদীপ কুম্বাংৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই ইছমাইল আলী নামৰ এজন ড্ৰাগছ ব্যৱসায়ীৰ ঘৰৰ পৰা বহু লক্ষাধিক টকাৰ সামগ্ৰী উদ্ধাৰ কৰে ৷

Drugs seized again in Nagaon
নগাঁৱত পুনৰ জব্দ লক্ষাধিক টকাৰ ড্ৰাগছ
author img

By

Published : Jun 23, 2021, 10:38 AM IST

Updated : Jun 23, 2021, 1:08 PM IST

নগাঁও, 23 জুন : ৰাজ্যত তীব্ৰতৰ হৈ পৰিছে নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষী (ASSAM POLICE)ৰ অভিযান ৷ শেহতীয়াভাৱে নৱ গঠিত চৰকাৰখনে শাসনভাৰ লোৱাৰ পাচত ব্যাপক ৰদবদল কৰিছিল প্ৰশাসনিক বিভাগত ৷ তেতিয়াৰে পৰা ৰাজ্যৰ জিলাসমূহত অপৰাধ তথা অবৈধ নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অধিক তৎপৰ হৈ জিলা আৰক্ষী তথা প্ৰশাসন ৷ আন আন জিলা সমূহৰ দৰে নগাঁও জিলাতো তীব্ৰতৰ হৈ পৰিছে নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷

দৈনিক নগাঁও জিলাত নিষিদ্ধ ড্ৰাগছ (Drugs) আৰু অবৈধ নিচা জাতীয় সামগ্ৰী জব্দ আৰু সৰবৰাহকাৰী আটক হৈ থকাৰ সময়তে পুনৰ মঙলবাৰে নিশা নগাঁও আৰক্ষীয়ে অভিযান চলাই লক্ষাধিক টকাৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হয়। নগাঁও আৰক্ষী (Nagaon Police)ৰ উপ আৰক্ষী অধীক্ষক তৃদীপ কুম্বাংৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই ইছমাইল আলী নামৰ এজন ড্ৰাগছ ব্যৱসায়ীৰ ঘৰৰ পৰা বহু লক্ষাধিক টকাৰ সামগ্ৰী উদ্ধাৰ কৰে ৷

নগাঁৱত পুনৰ জব্দ লক্ষাধিক টকাৰ ড্ৰাগছ

নগাঁও আই টি আই বজাৰত থকা ইছমাইল আলীৰ ব্যৱসায়ীক প্ৰতিস্থানৰ পৰাও ব্ৰাউন চুগাৰসহ লক্ষাধিক টকাৰ নিচাজাতীয় টেবলেট জব্দ কৰে আৰক্ষীৰ দলটোৱে ৷ সম্প্ৰতি ধৃত ড্ৰাগছ ব্যৱসায়ী ইছমাইল আলীক আটক কৰি জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ৷

উল্লেখ্য যে, নগাঁৱৰ সমান্তৰালভাৱে মঙলবাৰৰ দিনটোত নলবাৰীকে ধৰি গুৱাহাটী মহানগৰীতো বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই বৃহৎপৰিমানৰ নিচা জাতীয় সামগ্ৰী উদ্ধাৰ কৰে ৷ ক'ভিড কেন্দ্ৰীক ভয়াৱহ পৰিস্থিতিৰ মাজতে সান্ধ্য আইন আৰু আংশিক লকডাউনৰ মাজতে একাংশ দুষ্ট চক্ৰই চলাই গৈছে দেশী-বিদেশী সুৰাৰ লগতে অবৈধ সামগ্ৰীৰ বেহা । অপৰাধীৰ সমান্তৰালভাৱে অসম আৰক্ষী (Assam Police)য়ে চলাই গৈছে তীব্ৰতৰ অভিযান ৷

ইফালে আৰক্ষী অধীক্ষক সকলৰ নেতৃত্বত চলা অভিযানত বিভিন্ন জিলাৰ পৰা কোটি-কোটি টকাৰ ড্ৰাগছ (Drugs)জব্দ কৰাৰ লগতে আৰক্ষীৰ জালত পৰিছে বহুকেইজন ড্ৰাগছ (Drugs) মাফিয়া ৷ অসম আৰক্ষীৰ এই ড্ৰাগছ বিৰোধী অভিযানত ইতিমধ্যে পুৰুষৰ লগতে বহু মহিলা ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ আসক্ত আটক হৈছে ৷

লগতে পঢ়ক: নলবাৰীত কাৰ্টুনে কাৰ্টুনে জব্দ নিচাযুক্ত দ্ৰৱ্য

Last Updated : Jun 23, 2021, 1:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.