নগাঁও,21 জুলাই: ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ নগাঁও আৰক্ষীৰ বৃহৎ সফলতা ৷ নগাঁও চহৰৰ খ্ৰীষ্টানপট্টিৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ । শুকুৰবাৰে আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই প্ৰায় ৫ কোটিৰো অধিক টকাৰ মূল্যৰ হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় । শুক্ৰবাৰে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতীভ লাল বৰুৱা আৰু অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাইছিল ৷ গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে হেৰ'ইন ভৰ্তি ৬০ টা চাবোনৰ বাকচ জব্দ কৰিবলৈ সক্ষম হয় ৷
বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰাৰ লগতে আৰক্ষীয়ে তিনি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত তিনি সৰবৰাহকাৰীকেইজন নিজামউদ্দিন, গুলজাৰ হুছেইন আৰু ছানু শ্বেখ বুলি জানিব পৰা গৈছে ৷ হেৰ'ইন সহ আৰক্ষীৰ জালত পৰা গুলজাৰ হুছেইনৰ ঘৰ ডবকাত আৰু নিজামউদ্দিনৰ ঘৰ নগাঁৱৰ ধিঙত বুলি জানিব পৰা গৈছে।
প্ৰায় ২কেজি ৪০০গ্ৰাম হেৰ'ইন ডিমাপুৰৰ পৰা মৰিগাঁৱলৈ সৰবৰাহৰ চেষ্টা কৰিছিল ধৃত শ্বানু শ্বেখে ৷ তেনে সময়তে নগাঁও আৰক্ষীৰ জালত পৰে শ্বানু শ্বেখ । আৰক্ষী অধীক্ষক নৱনীত মহন্তই লাভ কৰা গোপন তথ্যৰ ভিত্তিত অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতীভ লাল বৰুৱা আৰু পাৰ্থপ্ৰতীম শইকীয়াৰ নেতৃত্বত চলোৱা অভিযানত ড্ৰাগছৰ এটা বৃহৎ ঘাটি উৎখাত হয় । বিগত কিছুদিন ধৰিয়েই আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে ড্ৰাগছকে ধৰি অন্যান্য অপৰাধৰ বিৰুদ্ধে অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান ।
লগতে পঢ়ক:Stolen mobile recovered : দোকানত নহয়, মোবাইলৰ কাৰণে আৰক্ষী থানাত ভিৰ কৰিলে ৰাইজে