ETV Bharat / state

Operation against drugs: নগাঁও আৰক্ষীৰ বৃহৎ সফলতা, গ্ৰেপ্তাৰ দুই কুখ্যাত ড্ৰাগছ ব্যৱসায়ী - Assam police

ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ পাছতো আৰক্ষীৰ নাকৰ তলেৰেই একাংশই চলাই গৈছে ড্ৰাগছৰ সৰবৰাহ । আৰক্ষীৰ গুলীয়েও ৰুদ্ধ কৰিব পৰা নাই ড্ৰাগছ সৰবৰাহকাৰীৰ গতি । কেতিয়া পুলিয়ে পোখাই উচন হ'ব ড্ৰাগছ সাম্ৰাজ্যৰ ভেটি ? আকৌ নগাঁৱত জব্দ কোটি টকাৰ ড্ৰাগছ (Operation against drugs)।

drugs peddler in nagaon police net
নগাঁৱৰ ছামগুৰিত জব্দ বুজন পৰিমানৰ ড্ৰাগছ
author img

By

Published : Feb 26, 2022, 9:00 PM IST

ছামগুৰি,২৬ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই তৎপৰ হৈ পৰা অসম আৰক্ষীয়ে বৰ্তমানেও অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী যুঁজ (Police operation against drugs) । নগাঁৱত পুনৰ বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী । শনিবাৰে পুৱাই চলিছিল এই অভিযান ।

নগাঁও আৰক্ষীয়ে লাভ কৰা এক গোপন খবৰৰ ভিত্তিত চামগুৰিৰ ৰঙগড়াত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীখিনি জব্দ কৰিবলৈ সক্ষম হয় । অভিযানত জব্দ প্ৰায় ৫ কোটি টকা মূল্যৰ ড্ৰাগছ । নগাঁও জিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা নেতৃত্বত চলা অভিযানত ড্ৰাগছখিনি জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে ইয়াৰিছ খান আৰু ছৰিচ খান নামৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী দুটাক।

নগাঁৱৰ ছামগুৰিত জব্দ বুজন পৰিমানৰ ড্ৰাগছ

আৰক্ষী সূত্ৰে জানিব পৰা মতে উক্ত বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীখিনি ধৃত ব্যৱসায়ী দুজনে ইম্ফলৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল ।

গোপন সূত্ৰে এই খবৰ লাভ কৰি আতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত নগাঁও আৰক্ষীৰ এটি বৃহৎ দলে ৰঙাগৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পূৰ্বৰ পৰা বাহৰ পাতি থকি নিচাযুক্ত সামগ্ৰী খিনি জব্দ কৰিবলৈ সক্ষম হয় । লগতে জব্দ কৰে ড্ৰাগছ সৰবৰাহত ব্যৱহৃত AS01EQ587 নম্বৰৰ এখন চুইফট গাড়ী ।

লগতে পঢ়ক: IAF chopper faces technical snag: ৰাষ্ট্ৰপতিৰ নিৰাপত্তাত নিয়োজিত হেলিকপ্টাৰৰ অথন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.