ETV Bharat / state

নগাঁৱত আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকী

author img

By

Published : Aug 24, 2021, 7:37 PM IST

আৰক্ষীৰ চকুত ধূলি দি ৰাজ্যত বৰ্তমানেও অবৈধ ভাবে চলি আছে ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ এখন অবৈধ ৰমৰমীয়া বেহা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও উদ্ধাৰ হৈ আহিছে ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী ৷ আনসমূহ জিলাৰ দৰে নগাঁও জিলা আৰক্ষীয়েও ধাৰাবাহিক ভাৱে এই নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান ৷

drugs-peddler-arrested-in-nagaon-police
নগাঁৱত এন্টি নাৰ্ক'টিক স্কোৱাৰ্ড আৰু ৰাইডাৰ গ্ৰুপৰ জালত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকী

নগাঁও,24 আগষ্ট: নগাঁৱত প্ৰায় প্ৰতিদিনে জব্দ হৈ আহিছে মাৰাত্মক ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী । নগাঁও আৰক্ষীয়েও নিচাজাতীয় সামগ্ৰী তথা ইয়াৰ লগত জড়িত বৃহৎ চক্ৰটোক উৎখাতৰ পনেৰে দিনে নিশাই অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান । তাৰ মাজতে মঙলবাৰে নগাঁও আৰক্ষীৰ অভিযানত পুনৰ জব্দ হৈছে বহু পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ ।

উল্লেখযোগ্য যে, ড্ৰাগছৰ লগতে বিভিন্ন অপৰাধজনিত কাৰ্য ৰোধৰ বাবে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই গঠন কৰিছিল আৰক্ষীৰ কেবাটাও গোট । ইয়াৰে বিশেষকৈ ড্ৰাগছ বিৰোধী অভিযানত নিয়োজিত কৰিছিল এটা এন্টি নাৰ্ক'টিক স্কোৱাৰ্ড । বিগত সময়ছোৱাত এন্টি নাৰ্ক'টিক স্কোৱাৰ্ডে ড্ৰাগছ বিৰোধী এই অভিযানত এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল ।

নগাঁও আৰক্ষীৰ এই বিশেষ গোটটোৱে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান । আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই গঠন কৰি দিয়া এন্টি নাৰ্ক'টিক স্কোৱাৰ্ড আৰু ৰাইডাৰ গ্ৰুপৰ যুটীয়া অভিযানত মঙলবাৰে দুপৰীয়া পুনৰ জব্দ কৰিবলৈ সক্ষম হ’য় বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্য ।

লগতে পঢ়কঃ এতিয়াৰে পৰা হোৱাটছএপৰ জৰিয়তে বুক কৰিব পাৰিব টীকাকৰণৰ এপইণ্টমেণ্ট

এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীৰ দলটোৱে নগাঁও চহৰৰ মাজমজিয়াত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে পেলাইছিল এখন গোপন জাল । আৰক্ষীয়ে চলোৱা এই অভিযানৰ সময়তে ৰাজু ভৌমিক আৰু মিছবাহ উদ্দিন আহমেদ নামৰ দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ।

জানিব পৰা মতে, নগাঁও চহৰৰ এম জি ৰোডত অভিযান চলাই এই সফলতা লাভ কৰে আৰক্ষীৰ দলটোৱে । সম্প্ৰতি ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰীক মাৰাথান জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । উল্লেখযোগ্য যে প্ৰায় দৈনিক নগাঁও চহৰৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ হৈ আহিছে হেৰ'ইন, ব্ৰাউন চুগাৰকে ধৰি মাৰাত্মক ড্ৰাগছ ।

উল্লেখযোগ্য যে, ৰাজ্যত এতিয়াও অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ ৰাজ্যত কোটি কোটি টকাৰ ড্ৰাগছসহ বহু সৰবৰাহকাৰী পৰিছে আৰক্ষীৰ জালত ৷ তাৰপাচতো ৰাজ্যত এতিয়াও অবাধে চলি আছে ড্ৰাগছৰ বেহাখন ৷এনে পৰিপেক্ষিতত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ পৰা ড্ৰাগছ নিৰ্মূলৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে, সেয়া কিমনা দূৰ সফল হয় সেয়া সময়তহে হ’ব লক্ষণীয় ৷

লগতে পঢ়কঃ সোণোৱালক অসমৰ ৰাইজৰ আগত পৰিচয় কৰাবৰ বাবেহে জন আশীৰ্বাদ যাত্ৰা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.