নগাঁও, 3 জুন : নগাঁও জিলাৰ চামগুৰি আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সাতজনকৈ ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা আৰু অনুসন্ধান শাখা) নিৰুপম হাজৰিকাৰ তত্বাৱধানত আৰু চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণ কান্ত দলেৰ নেতৃত্বত এটা অভিযানকাৰী আৰক্ষী দলে এক গোপন তথ্যৰ ভিত্তিত বৃহস্পতিবাৰে পুৱা অভিযান চলায় ৷
![drugs padler arrested in samaguri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12002331_hhh.jpg)
চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম মোৱামাৰী নিবাসী ৰহমত আলী নামৰ এজন লোকৰ ঘৰত অভিযান চলাই ৩০.৫৬ গ্ৰাম হেৰ'ইন, ১১টা চিৰিঞ্জ, .২২ পিষ্টলৰ ৩ জাঁই সজীৱ গুলি আৰু চাৰিটা মোৱাইল হেণ্ডচেট জব্দ কৰিবলৈ সক্ষম হয় । আনহাতে একেটা অভিযানকাৰী দলে চামগুৰিৰ বাজিয়া গাঁৱত অভিযান চলাই হাৰুন ৰচিদ নামৰ এজন লোকৰ ঘৰৰ পৰা ২০.৫৮ গ্ৰামৰ হেৰ'ইনৰ ৮টা সৰু কন্টেনাৰ সহ নগদ ২৪ হাজাৰ ৬ শ টকা জব্দ কৰিবলৈ সক্ষম হয় ।
উল্লেখ্য যে, পশ্চিম মোৱামাৰীৰ নিবাসী ৰছিদুল হক(৩৩), মহম্মদ ৰিয়াজুদ্দিন(২৫), ৰহমত আলি(৫৯), হাচিনা খাতুন(২৪)ৰ লগতে বাজিয়াগাঁৱৰ ইজাজুল হক, আলি হুছেইন আৰু আইজুল হকক নামৰ 7 জন লোকক আটক কৰিছে নগাঁও আৰক্ষীয়ে ৷ বৰ্তমান আটাইকেইজনকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক: প্ৰাণৰ মমতাত শংকিত এতিয়া চিকিৎসাকৰ্মী