ETV Bharat / state

নগাঁও আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ বহিঃৰাজ্যৰ ড্ৰাগছ মাফিয়া

নগাঁও আৰক্ষী(Nagaon Police)ৰ এনকাউণ্টাৰত গুলীবিদ্ধ কুখ্যাত ড্ৰাগছ মাফিয়া আৰ কে হপিংচন(RK Hopingson) ৷ আৰক্ষীয়ে চলোৱা তালাচী অভিযানৰ সময়ত ড্ৰাগছ মাফিয়াটোৰ বাহনৰ পৰা বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে ৷ আৰক্ষীক প্ৰহাৰ কৰি পলাবলৈ চেষ্টা কৰাৰ সময়তেই মাফিয়াটোৰ ভৰিলৈ লক্ষ্য কৰি গুলীচালনা কৰে আনন্দ মিশ্ৰ(Anand Mishra) বাহিনীয়ে ৷

author img

By

Published : Oct 26, 2021, 10:36 AM IST

nagon police encounter
নগাঁও আৰক্ষীৰ এনকাউণ্টাৰ

নগাঁও, 26 অক্টোবৰ : নগাঁৱত সোমবাৰে নিশা পুনৰ এনকাউণ্টাৰ(Encounter) আৰক্ষী(Nagaon Police)ৰ ৷ উত্তৰ-পূৱত ড্ৰাগছ(Drugs)ৰ বিশাল সাম্ৰাজ্য গঢ়ি তোলা মাফিয়া আৰ কে হপিংচন(RK Hopingson)ক গুলীয়াই আঘাতপ্ৰাপ্ত কৰে আৰক্ষীয়ে ৷ আটকৰ পাচতে আৰক্ষীক প্ৰহাৰ কৰি পলায়নৰ চেষ্টা চলাইছিল ড্ৰাগছ মাফিয়াটোৱে ৷

অপৰাধীৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰখা নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ(Anand Mishra) বাহিনীয়ে পুনৰ ড্ৰাগছৰ বিৰুদ্ধে এই বৃহৎ সফলতা লাভ কৰে ৷ দেওবাৰে নিশাৰ ভাগত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা(Dhruba Bora)ৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ননৈ থানা(Nonoi Police Station)ৰ সন্মুখত যান-বাহনত চলোৱা তালাচী অভিযানৰ সময়ত তালাচী চলাইছিল ড্ৰাগছ মাফিয়া হপিংচন অহা এখন অল্ট’ বাহনত ।

তালাচীৰ সময়ত অল্ট’ বাহনখনৰ পৰা 303 গ্ৰামৰ 20 টা হেৰ’ইনৰ বাকচ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে । ডিমাপুৰৰ পৰা নগাঁৱৰ বিভিন্ন প্ৰান্তত যোগান ধৰাৰ উদ্দেশ্যে অনা হৈছিল বৃহৎ পৰিমাণৰ হেৰ’ইনখিনি । হেৰ’ইনখিনিৰ মূল্য 2 কোটি টকা হ’ব বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে ।

ধৃত আৰ কে হপিংচনক লগত লৈ নগাঁও চহৰৰ নাতিদূৰৈৰ বৰঘাট বাইপাছত অভিযান চলাইছিল আৰক্ষীয়ে । সেই সময়তে ড্ৰাগছ মাফিয়াটোৱে এজন কনিষ্টবলক আঘাত কৰি পলাবলৈ চেষ্টা কৰে । লগে লগে ড্ৰাগছ মাফিয়াটোলৈ লক্ষ্য কৰি গুলীচালনা কৰে আৰক্ষীয়ে ।

নগাঁও আৰক্ষীৰ এনকাউণ্টাৰ

ড্ৰাগছ মাফিয়া আৰ কে হপিংচন ইতিপূৰ্বেই ধিং থানা(Dhing Police Station)ত ৰুজু হোৱা 505/2020 নম্বৰৰ এটা ড্ৰাগছ সৰবৰাহৰ গোচৰৰ মূল অভিযুক্ত । দীৰ্ঘদিনে মাফিয়াটোৱে ডিমাপুৰৰ পৰা অসমলৈ ড্ৰাগছ সৰবৰাহ কৰি আহিছিল । জানিব পৰা মতে, ড্ৰাগছ সৰবৰাহ কৰি এমাহতে দহ কোটিৰো অধিক টকা উপাৰ্জন কৰে হপিংচনে ।

সম্প্ৰতি আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত ড্ৰাগছ মাফিয়া হপিংচনক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত কটকটীয়া নিৰাপত্তাৰ মাজেৰে চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷

লগতে পঢ়ক : আৰক্ষীৰ গুলীত নিহত ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.