ETV Bharat / state

চৰকাৰী চিকিৎসালয়ৰ পৰা পলায়ন ড্ৰাগছ আসক্ত যুৱতীৰ - নিচামুক্তি কেন্দ্ৰৰ পৰা পলায়ন কৰিলে ড্ৰাগছ আসক্ত যুৱতী

চিকিৎসালয়ৰ নিচামুক্তি কেন্দ্ৰৰ পৰা পলায়ন কৰিলে ড্ৰাগছ আসক্ত যুৱতীয়ে ৷ নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসমাৰিক চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা (Drugs addicted girl escapes from hospital in Nagaon)৷ শুকুৰবাৰে অচেতন অৱস্থাত যুৱতীগৰাকীক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়খনত ।

Drugs addicted girl escapes from hospital in Nagaon
চৰকাৰী চিকিৎসালয়ৰ পৰা পলায়ন ড্ৰাগছ আসক্ত যুৱতী
author img

By

Published : Apr 30, 2022, 5:59 PM IST

নগাঁও, 30 এপ্ৰিল: নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসমাৰিক চিকিৎসালয়ৰ নিচামুক্তি কেন্দ্ৰৰ পৰা এগৰাকী ড্ৰাগছ আসক্ত যুৱতীয়ে পলায়ন কৰা ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ (Drugs addicted girl escapes from hospital in Nagaon)। শুকুৰবাৰে অচেতন অৱস্থাত যুৱতীগৰাকীক ভৰ্তি কৰোৱা হৈছিল নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসমাৰিক চিকিৎসালয়ত । যুৱতীগৰাকীক অচেতন অৱস্থাত দেখি চিকিৎসালয় কৰ্তৃপক্ষই চিকিৎসালয়খনৰ চাৰ্জিকেল ফিমেল ৱাৰ্ডত ভৰ্তি কৰিছিল ৷

চৰকাৰী চিকিৎসালয়ৰ পৰা পলায়ন ড্ৰাগছ আসক্ত যুৱতী

যুৱতীগৰাকী ভৰ্তি হৈ থকা ৱাৰ্ডৰ শৌচালয়ৰ দুৱাৰ ভিতৰৰ ফালৰ পৰা বহু সময় ধৰি বন্ধ হৈ থকাক লৈ প্ৰথমে চাঞ্চল্যৰ সৃষ্টি হৈছিল চিকিৎসালয়খনত । পৰৱৰ্তী সময়ত আৰক্ষী আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ উপস্থিতিত শৌচালয়ৰ দুৱাৰ ভাঙি ভিতৰৰ পৰা পুনৰ অচেতন অৱস্থাত উদ্ধাৰ কৰে যুৱতীগৰাকীক । জানিব পৰা গ’ল যে যুৱতীগৰাকীয়ে শৌচালয়ৰ ভিতৰতো ড্ৰাগছ সেৱন কৰিছিল । ড্ৰাগছ সেৱনৰ ফলত যুৱতীগৰাকী গুৰুতৰভাৱে অচেতন হৈ পৰে । চিকিৎসালয় কৰ্তৃপক্ষই পুনৰ যুৱতীগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়খনৰ নিচামুক্তি কেন্দ্ৰত ভৰ্তি কৰে ।

নিচামুক্তি কেন্দ্ৰত ভৰ্তি কৰোৱাৰ পাছতে শনিবাৰে পুৱাই হঠাৎ পলায়ন কৰে যুৱতীগৰাকীয়ে (Addicted girl escapes from de addiction centre in Nagaon) । যুৱতীগৰাকী নিৰুদ্দেশ হোৱাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । ড্ৰাগছ আসক্ত যুৱতীগৰাকীৰ পৰিয়ালেও এই পৰ্য্যন্ত পোৱা নাই কোনো সম্ভেদ ।

লগতে পঢ়ক: ডিগবৈৰ ভীমপথাৰত উদ্ধাৰ সন্দেহজনক বিস্ফোৰক সামগ্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.