চামগুৰি, 24মে': নগাঁৱত অব্যাহত আছে ড্ৰাগছ মাফিয়াৰ দৌৰাত্ম ৷ নৱ নিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জিলাখনত ড্ৰাগছ মাফিয়া তথা অপৰাধমূলক কাম-কাজৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে ধিঙত চলিছে ড্ৰাগছ মাফিয়াৰ দপদপনি ৷ যাৰ ফলত এতিয়া সংকিত হৈ পৰিছে সাধাৰণ জনতা ৷
ৰাজ্যত আংশিক লকডাউন আৰু সান্ধ্য আইন বলৱৎ হৈ থকাৰ সময়তে দেওবাৰে নিশা ড্ৰাগছ মাফিয়াই গাঁওৰক্ষী বাহিনীৰ সভাপতি ইক্ৰামুল কৰিমক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ লগতে গুৰুতৰ ভাৱে প্ৰহাৰ কৰে ৷ নজৰ ফকিৰ নামৰ ড্ৰাগছ সৰবৰাহী জনে বিভিন্ন সময়ত বহুতকেই ভাবুকি প্ৰদান কৰি আহিছে ৷
এই ঘটনা সন্দৰ্ভত ধিং আৰক্ষীক গাঁওৰক্ষী বাহিনীৰ সভাপতি ইক্ৰামুল কৰিমে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অভিযোগ দিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ নজৰ ফকিৰক ধিং আৰক্ষীয়ে কৰায়ত্ব কৰিব নোৱাৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত ৷ এই ঘটনা সন্দৰ্ভত নগাঁৱৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক: নপতা ফুকনৰ জন্ম নিদিব : বিধানসভাত মুখ্যমন্ত্ৰীক আহ্বান বিৰোধী দলপতিৰ