নগাঁও, 11 জুলাই : নগাঁৱত শনিবাৰে নিশা আৰক্ষীৰ গুলিত এটা ড্ৰাগছ মাফিয়া আহত হয় ৷ নগাঁও আৰক্ষীয়ে শনিবাৰে নিশা ড্ৰাগছ সৰবৰাহৰ এক গোপন খবৰ লাভ কৰিছিল । উক্ত খবৰৰ ভিত্তিতে নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত এটা দলে নগাঁৱৰ বৰঘাটত পেলাইছিল জাল । কিন্তু আৰক্ষীৰ বেহু ফালি পলায়নৰ চেষ্টা কৰিছিল দুই ড্ৰাগছ মাফিয়াই ।
ড্ৰাগছ মাফিয়া দুটাই এখন বাইকেৰে নিচাজাতীয় সামগ্ৰীৰ কাৰ্টন লৈ বৰঘাট পাৰ হোৱাৰ চেষ্টা কৰা কৰে যদিও ব্যৰ্থ হয় ৷ আৰক্ষীক দেখি সৰবৰাহকাৰী দুটাই পলায়নৰ চেষ্টা চলোৱাত আৰক্ষীয়ে দুয়োকে লক্ষ্য কৰি গুলীচালনা কৰে ৷ আৰক্ষীৰ গুলীত আহত হয় কুখ্যাত ড্ৰাগছ মাফিয়া আজিজুল হক ।
আহত আজিজুলক আৰক্ষীয়ে কৰায়ত্ত কৰি নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে । আজিজুলৰ পৰা আৰক্ষীৰ দলটোৱে নিচাজাতীয় ঔষধৰ কাৰ্টন জব্দ কৰিবলৈ সক্ষম হয় । অৱশ্যে আনটো সৰবৰাহকাৰীয়ে আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয় ।
উল্লেখ্য যে, ড্ৰাগছৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে নগাঁও আৰক্ষী (Nagaon Police) । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma)ই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰি অপৰাধৰ বিৰুদ্ধে কঠোৰ হ’বলৈ দিয়া নিৰ্দেশনাৰ পিছত অধিক সষ্টম আৰু কঠোৰ হৈছে অসম আৰক্ষী (Assam Police)। নগাঁৱত অপৰাধীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে চলোৱা কেইবাটাও অভিযানৰ নেতৃত্ব বহন কৰিছে জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৷
লগতে পঢ়ক : অসম-মিজোৰাম সীমান্তৰ বিস্ফোৰণস্থলীত উপস্থিত ADGP