ETV Bharat / state

মৃত্যু দিৱসত এলাগী ভূপেন হাজৰিকাৰ বাসগৃহ

author img

By

Published : Nov 5, 2020, 1:01 PM IST

ড৹ ভূপেন হাজৰিকাৰ মৃত্যু দিৱসত এলাগী হৈ ৰ’ল কুঠৰীস্থিত বাসগৃহ ৷ বৰ্তমানৰ স্বত্বাধিকাৰীয়ে প্ৰৱেশত বাধা প্ৰদান কৰিলে গুণমুগ্ধক ৷

dr bhupen hazarikas residence is in poor condition now kaliabar nagaon assam etv bharat news
ড৹ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস

কলিয়াবৰ,5 নৱেম্বৰ: আজি 5 নৱেম্বৰ ৷ ড৹ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস ৷ এই মৃত্যু দিৱসত এলাগী হৈ ৰ’ল ড৹ ভূপেন হাজৰিকাৰ কুঠৰীত থকা ভূমি ৷ ঘটনাৰ বিৱৰণী অনুসৰি, নগাঁৱৰ কুঠৰীত ড৹ ভূপেন হাজৰিকাৰ নামত আবণ্টিত আছিল ভূমি ৷ হাজৰিকাৰ মৃত্যুৰ পিছত এই ভূমি ক্ৰয় কৰে ফটিক নেওগ নামৰ ব্যক্তিগৰাকীয়ে ৷ বৃহস্পতিবাৰে সুধাকণ্ঠগৰাকীৰ মৃত্যু দিৱস উপলক্ষে কিছুসংখ্যক গুণমুগ্ধই উক্ত স্থানত শ্ৰদ্ধা নিবেদন কৰাৰ উদ্দেশ্যে আহিছিল ৷ তদুপৰি একাংশ সংবাদকৰ্মীও উক্ত স্থানত উপস্থিত হয় বৃহস্পতিবাৰে পুৱা ৷ কিন্তু, দলটোক চৌহদত প্ৰৱেশৰ অনুমতি নিদিলে উক্ত ভূমিৰ স্বত্বাধিকাৰীয়ে ৷

ড৹ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস

বিগত প্ৰায় 48 বছৰে উক্ত ভূমিত থকা এটি বাসগৃহৰ পৰিচালক হিচাপে কৰ্মৰত সুৰেণ নেওগে সাংবাদিক আৰু গুণমুগ্ধৰ দলটোক চৌহদত প্ৰৱেশত বাধা প্ৰদান কৰি ব্যথিত হৈ পৰে ৷ বৰ্তমানৰ স্বত্বাধিকাৰীৰ কাঢ়া নিৰ্দেশ পালন কৰি অসহায়বোধ কৰে ব্যক্তিগৰাকীয়ে ৷ উক্ত কাৰ্যৰ বাবে ভূপেন হাজৰিকাৰ পুত্ৰৰ দায়িত্ব পালন কৰা কলিয়াবৰৰ ৰঞ্জিত ভট্টাচাৰ্যয়ো এনে আচৰণৰ বাবে দুখঃ প্ৰকাশ কৰে ৷

মৃত্যু দিৱসত এলাগী ভূপেন হাজৰিকাৰ বাসগৃহ

লগতে চাওকঃ মহিলাসকলক স্বাৱলম্বী কৰাৰ বাবে এক প্ৰয়াস "চেষ্টা"ৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.