ETV Bharat / state

অবিশ্বাস্য ! মহিলাৰ পেটত 8 কেজিৰ টিউমাৰ - মহিলাৰ পেটৰ পৰা ওলাল প্ৰায় 8 কেজি ওজনৰ টিউমাৰ

নগাঁৱৰ এগৰাকী মহিলাৰ পেটৰ পৰা ওলাইছে 7.8 কেজি ওজনৰ টিউমাৰ । নগাঁৱৰ দগাওঁ ধিং গাঁৱৰ মহম্মদ আলীৰ পত্নী হনুফা খাতুন দীৰ্ঘদিন ধৰি পেটৰ এক আভ্যন্তৰীণ ৰোগত ভূগি আছিল । এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পিছত মহিলাগৰাকী সম্প্ৰতি সংকটমুক্ত বুলি জনাইছে চিকিৎসকে ।

doctor-removed-around-8-kg-tumer-from-a-woman-in-nagaon-etv-bharat-assam-news
মহিলাৰ পেটৰ পৰা ওলাল প্ৰায় 8 কেজি ওজনৰ টিউমাৰ
author img

By

Published : Jul 19, 2021, 8:28 PM IST

নগাঁও, 19 জুলাই : নগাঁৱৰ এগৰাকী মহিলাৰ পেটৰ পৰা ওলাল 7.8 কেজি ওজনৰ টিউমাৰ । প্ৰায় চাৰিঘণ্টাৰ অন্তত সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন কৰিলে চিকিৎসক নজৰুল ইছলামে । তথ্য অনুসৰি, নগাঁৱৰ দগাঁও ধিং গাঁৱৰ মহম্মদ আলীৰ পত্নী হনুফা খাতুন দীৰ্ঘদিন ধৰি ভূগি আছিল পেটৰ এক আভ্যন্তৰীণ ৰোগত । দিনক দিনে মহিলাগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিবলৈ আৰম্ভ কৰাত মহিলাগৰাকীক লৈ চিন্তিত হৈ পৰিছিল পৰিয়ালৰ লোক ।

আনকি মহিলাগৰাকী কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ সন্দেহত ভৰ্তি কৰোৱা হৈছিল গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ হাস্পতালত । অৱশ্যে পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ শৰীৰত কৰ্কট ৰোগ নথকাটো নিশ্চিত হোৱাত পুনৰ ঘৰলৈ অনা হয় মহিলাগৰাকীক । পৰৱৰ্তী সময়ত নগাঁৱৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ তথা সু চিকিৎসক নজৰুল ইছলামৰ কাষ চাপে । চিকিৎসক নজৰুল ইছলামৰ পৰামৰ্শ মতে মহিলাগৰাকীক নগাঁৱৰ মুল্লাপট্টিস্থিত নগাঁও নাৰ্চিংহোমত ভৰ্তি কৰা হয় ৷

মহিলাৰ পেটত 8 কেজিৰ টিউমাৰ

সোমবাৰে পুৱা মহিলাগৰাকীৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰে নজৰুল ইছলামৰ নেতৃত্বাধীন চিকিৎসকৰ এটা দলে ।

প্ৰায় চাৰিঘণ্টীয়া এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰিবলৈ সক্ষম হয় চিকিৎসকৰ দলটো । অস্ত্ৰোপচাৰ সম্পন্ন কৰি মহিলাগৰাকীৰ পেটৰ পৰা 7.8 কেজি ওজনৰ এটা টিউমাৰ উলিয়াবলৈ সক্ষম হয় । এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পিছত মহিলাগৰাকী সম্প্ৰতি সংকটমুক্ত বুলি জনাইছে চিকিৎসকে । অস্ত্ৰোপচাৰৰ পিছত এতিয়া স্বস্তিৰ নিশ্বাস এৰিছে মহিলাগৰাকীৰ লগতে পৰিয়ালৰ লোকে ।

লগতে পঢ়ক: টকিঅ’ অলিম্পিকত পুনৰ তিনিজন ক’ভিডত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.