ETV Bharat / state

নগাঁও জিলাৰ ধিঙৰ পৰা পানী-মেটেকাৰ বিশ্বমুখী যাত্রা

author img

By

Published : Sep 18, 2020, 5:04 PM IST

পানী-মেটেকা । সকলোৱে জনাত এবিধ পেলনীয়া সামগ্রী । পিছে অসমৰ খাল,বিল,নৈত সততে পোৱা অনাদৃত পানী-মেটেকাই এতিয়া আশাৰ সঞ্চাৰ কৰিছে শ শ মহিলা আৰু নিবনুৱা যুৱক-যুৱতীৰ ।

Dhing water Hyacinth products
নগাঁও জিলাৰ ধিঙৰ পানী-মেটেকাৰ বিশ্বমুখী যাত্রা

ৰূপহীহাট,18 চেপ্তেম্বৰঃ নগাঁও জিলাৰ ধিঙৰ ঐতিহ্যপূর্ণ আউনীআটী সত্ৰৰ কেইজনমান উদ্যমী যুৱকৰ প্ৰচেষ্টাত পানী-মেটেকাৰ পৰা উৎপাদিত সামগ্রীয়ে ৰাজ্যৰ লগতে দেশৰ বজাৰতো গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিবলৈ সক্ষম হৈছে । পানী-মেটেকাৰ পৰাই কঠ, বিভিন্ন ধৰণৰ বেগ,টুপি,চুলা,চাদৰ,ডাইনিং মেট, যোগা মেটকে ধৰি বহু বিধৰ প্ৰয়োজনীয় সামগ্ৰী উৎপাদন কৰি প্লাষ্টিক তথা প্ৰদূষণমুক্ত অসম গঢ়াৰ প্ৰয়াস কৰিছে একাংশ পুৰুষ-মহিলাই ।

ইতিমধ্যে উৎপাদিত সামগ্ৰীসমূহে ৰাজ্যৰ লগতে বহিঃৰাজ্যতো সমাদৰ লাভ কৰি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । অঞ্চলটোৰ চৌপাশে থকা বিভিন্ন খাল, বিল,নৈ,জান আদিৰ পৰা পৰ্যাপ্ত পৰিমাণে পানী-মেটেকা গ্রহণ কৰি নিৰ্মাণ কৰি উলিয়াইছে বহু লাগতিয়াল সামগ্ৰী ।

উল্লেখযোগ্য যে,বিগত বৰ্ষতে আন্তর্জাতিক যোগ দিৱস উপলক্ষে নেডফিৰ জৰিয়তে ৩০০০ যোগ মেট ৰাজ্য চৰকাৰক বিক্ৰী কৰিবলৈ সক্ষম হৈছিল। ধিঙৰ আউনীআটী সত্ৰৰ "পাঞ্চজন্য" নামৰ বে-চৰকাৰী সংস্থাটোৰ উদ্যোগত ধিং-বটদ্ৰৱাৰ পাঁচ শতাধিক পুৰুষ-মহিলাই উৎপাদিত সামগ্রী সৃষ্টি কৰি আৰ্থিকভাৱেও টনকিয়াল হৈ পৰিছে । ইপিনে পানী-মেটেকা সংগ্ৰহ কৰি বিক্ৰী কৰিও পৰিয়াল পোহপাল দিবলৈ সমৰ্থ হৈছে একাংশ দৰিদ্ৰ পৰিয়ালে ৷ ইপিনে উদ্যোগটোৰ জৰিয়তে একোগৰাকী মহিলাই মাহিলি পাঁচৰ পৰা দহ হাজাৰ টকা উপার্জন কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়কঃ লখিমপুৰৰ বান্দৰদেৱাত ভূমিস্খলন, বন্ধ ৰাষ্ট্ৰীয় ঘাইপথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.