ETV Bharat / state

ধিঙত চৰকাৰী সাহাৰ্য বিতৰণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ

author img

By

Published : Apr 15, 2020, 12:07 PM IST

নগাঁও জিলাৰ বটদ্ৰৱা আৰু জুৰিয়া উন্নয়ন খণ্ড আৰু মৰিগাঁও জিলাৰ দলংঘাট আৰু মৈৰাবাৰী উন্নয়ন খণ্ডত অধিকাংশ পঞ্চায়তত সাহাৰ্য বিতৰণৰ নামত পঞ্চায়ত প্ৰতিনিধি আৰু সচিব সকলে দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ দৰিদ্ৰ লোকে ।

dhing-govt-relife-corruption
ধিঙত চৰকাৰী সাহাৰ্য বিতৰণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ

বটদ্ৰৱা, 15এপ্ৰিল: বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা মাৰাত্মক কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ নিমিত্তে সমগ্ৰ ভাৰতবৰ্ষতে চলি আছে লক ডাউন । লকডাউনৰ সময়ছোৱাত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে দৰিদ্ৰ পৰিয়ালৰ লোকসকল। আৰু এই সকল দৰিদ্ৰ পৰিয়ালৰ যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অসমত ৰাজ্য চৰকাৰে আগবঢ়াইছে এহেজাৰকৈ টকাৰ আৰ্থিক সাহাৰ্য। কিন্তু একাংশ পঞ্চায়ত প্ৰতিনিধি আৰু সচিবে হিতাধিকাৰীৰ তালিকা প্ৰস্তুতকৰণৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ।

চৰকাৰৰ নিয়ম অনুসৰি ৰেচন কার্ড নথকা দৰিদ্ৰ লোকসকলৰ মাজত এই টকা বিতৰণ কৰিব লাগে । কিন্তু ইয়াৰ বিপৰীতে নগাঁও জিলাৰ বটদ্ৰৱা আৰু জুৰিয়া উন্নয়ন খণ্ড আৰু মৰিগাঁও জিলাৰ দলংঘাট আৰু মৈৰাবাৰী উন্নয়ন খণ্ডত অধিকাংশ পঞ্চায়তত সাহায্য বিতৰণৰ নামত পঞ্চায়ত প্ৰতিনিধি আৰু সচিব সকলে দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ দৰিদ্ৰ লোকে । বিশেষকৈ বটদ্ৰৱা উন্নয়ন খণ্ডৰ টুকটুকি আৰু কটহগুৰী গাঁও পঞ্চায়তত অনিয়মৰ তথ্য পোহৰলৈ আহিছে । টুকটুকি গাঁও পঞ্চায়তত বহু ধনী ব্যক্তি আৰু চৰকাৰী চাকৰিয়ালৰ সদস্যয়ো এই সাহাৰ্য লাভ কৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে । এই সন্দৰ্ভত ধিং থানাত এজাহাৰো দাখিল কৰিছে ভুক্তভোগী লোকে । সেইদৰে কটহগুৰি গাঁও পঞ্চায়ততো বহু ৰেচন কার্ড থকা ব্যক্তিয়ে লাভ কৰিছে এই সাহাৰ্য। সেয়ে অঞ্চলবাসী ৰাইজে সংঘটিত এই অনিয়মৰ বিৰুদ্ধে বিভাগীয় কতৃপক্ষই উচিত তদন্ত কৰাৰ দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক: নিতাল নিস্তব্ধ আজি ৰংঘৰৰ বাকৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.