নগাঁও, 22 মে’: বটদ্ৰৱা কাণ্ডক লৈ ই টি ভি ভাৰতত বাতৰি সম্প্ৰচাৰ হোৱাৰ দৰেই সন্দেহ প্ৰকাশ আৰক্ষী সঞ্চালক প্ৰধানৰ । আৰক্ষী থানা জ্বলাই দিয়া ঘটনাত জড়িত থাকিব পাৰে অঞ্চলটোৰ বহু কুখ্যাত অপৰাধী । আৰক্ষী থানাত অপৰাধীৰ বিৰুদ্ধে থকা প্ৰমাণ নষ্ট কৰিবলৈ সংঘটিত কৰিব পাৰে এনে ঘটনা (Criminal involved in Batadrava incident)।
শনিবাৰে নিশা ই টি ভি ভাৰতৰ পোনপটীয়া সম্প্ৰচাৰত কৰা হৈছিল এই সন্দেহ । দেওবাৰে বটদ্ৰৱা আৰক্ষী থানাত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ মন্তব্য (DGP Bhaskar Jyoti Mahanta on Batadrava incident) । ঘটনাত জেহাদী জড়িত বুলি প্ৰত্যক্ষভাৱে ক'ব নোৱাৰি । কিন্তু অঞ্চলটোত আনচাৰুল ইছলাম নামৰ সন্ত্ৰসবাদী সংগঠনে তৎপৰতা চলাই থকাৰ সন্দেহ কৰা হৈছে । আৰক্ষী থানাৰ পৰা অস্ত্ৰ লুটি নিয়াৰো সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ।
মাটি খান্দি হ’লেও অস্ত্ৰ বিচাৰি উলিওৱা হ'ব উলিওৱা হ’ব বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে । আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা যুৱকজনক বটদ্ৰৱা আৰক্ষীয়ে সুৰামত্ত অৱস্থাত পথৰ পৰা উদ্ধাৰ কৰিছিল বুলি জানিবলৈ দিয়ে ভাস্কৰ জ্যোতি মহন্তই । লগতে তেওঁ কয় যে, আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰো তদন্ত কৰিবলৈ গঠন কৰা হৈছে আন এটা গোট । কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালৰ নেতৃত্বত গঠন কৰা হৈছে এটা বিশেষ দল ।
উল্লেখ্য যে, আৰক্ষীৰ জিম্মাত এজন যুৱকৰ মৃত্যুৰ পাছত একাংশ উত্তেজিত লোকে বটদ্ৰৱা আৰক্ষী থানাত অগ্নি সংযোগ কৰা ঘটনাৰ(Mob sets fire in Batadrava police station) লগত জড়িত মহিলাসহ 21 জন লোকক এই পৰ্যন্ত আটক কৰা হৈছে ৷ ইয়াৰোপৰি অধিক অপৰাধীৰ সন্ধানত ভিডিঅ’ ফুটেজ নিৰীক্ষণ কৰি আছে আৰক্ষীয়ে ৷ থানা জ্বলোৱা কাণ্ডৰ লগত জেহাদী সংগঠনৰ লোক জড়িত থকাৰ সন্দেহতো আৰম্ভ কৰিছে তদন্ত ৷
লগতে পঢ়ক: Assam Police Station Attack: বটদ্ৰৱা আৰক্ষী থানা আক্ৰমণৰ তদন্তৰ বাবে এছ আই টি গঠন