ৰহা,২৭ মে': ৰহা নতুন চাৰিআলিত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা(Fire at fruit shop in Raha) । অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভষ্মীভূত হয় দুখনকৈ ফলমূলৰ দোকান(Two fruit shops completely destroyed in fire) । নাৰায়ণ দাস আৰু বিশ্ব বনিয়া নামৰ ব্যৱসায়ী দুজনৰ দোকানত সংঘটিত এই অগ্নিকাণ্ডৰ ঘটনা ।
অগ্নিকাণ্ডত প্ৰায় দুই লক্ষাধিক টকাৰ সা-সামগ্ৰী জাহ যোৱাৰ কথা উল্লেখ কৰে ব্যৱসায়ী দুজনে । স্থানীয় ৰাইজৰ তৎপৰতাত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে আহি জুই নিৰ্বাপন কৰে যদিও প্ৰায় সম্পূৰ্ণৰূপে ভস্মীভূত হয় দোকান দুখন ।
বিদ্যুতৰ সংযোগ নথকা দোকান দুখনত কেনেকৈ এই অগ্নিকাণ্ড সংঘটিত হ'ল সেয়া ৰহস্যৰ মাজত সোমাই পৰিছে । উল্লেখ্য যে, ৰহা নতুন চাৰিআলি বিগত ত্ৰিশ বছৰে ফলমূলৰ ব্যৱসায় কৰি আহিছিল নাৰায়ণ দাস আৰু বিশ্ব বনিয়া নামৰ ব্যৱসায়ীৰ দুজনে ।
লগতে পঢ়ক: আমচং চাহ বাগিচাত হাইস্কুলৰ উদ্বোধন কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে