চামগুৰি, 14 জানুৱাৰী : মাঘ বিহুৰ সৈতে জড়িত থকা এক পৰম্পৰা হৈছে ম’হযুঁজ (Traditional Buffalo fight in Bhogali Bihu)৷ অসমৰ বিভিন্ন ঠাইত বিশেষকৈ মধ্য আৰু উজনি অসমত প্ৰচলিত হৈ আহিছে এই ম’হযুঁজ ৷ ন্যায়ালয়ে ম’হযুঁজ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰিছিল যদিও গুৱালসকলে অনুষ্ঠিত কৰি আহিছে ম’হযুঁজ (Supreme Court's ban order on Buffalo fight) ৷ গুৱালসকলৰ মতে, মাঘত ম’হ নুযুঁজালে বিপদ হ’ব পাৰে গুৱালৰ ৷
কিয়নো মাঘ মাহত ম’হৰ গৰল বান্ধে আৰু ম’হৰ শিঙত পোক হয় ৷ যদি এইদৰে যুঁজ লগাই কিছু ৰক্ত ক্ষৰণ কৰা নহয়, তেন্তে সেই ম’হ শান্ত নহয় ৷ তাৰোপৰি এনে ম’হে গুৱালৰো বিপদ ঘটাব পাৰে বুলিও গুৱালসকলে মন্তব্য দিয়ে ৷ এইবাৰো পৰম্পৰা ৰক্ষা কৰি ম’হ যুঁজ অনুষ্ঠিত হ’ল নগাঁও জিলাৰ গোমোঠাগাঁৱত (Buffalo Fight in Nagaon) ৷
ক’ভিড পৰিস্থিতিৰ বাবে ঐতিহাসিক আঁহতগুৰিৰ ম’হযুঁজ বাতিল (Ahtoguri Buffalo fight) কৰা হয় যদিও গোমোঠাগাঁৱত এই যুঁজ অনুষ্ঠিত কৰা হ’ল ৷ ম’হযুঁজ চাবলৈ লোকে লোকাৰণ্য হৈ পৰে গোমোঠা গাঁৱৰ কৰণ কুমাৰ নেওগ সোঁৱৰণী ক্ষেত্ৰ ৷
এইবেলি ৪৩ সংখ্যক প্ৰতিযোগিতাখনিত ১৮ হাল ম'হে অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে । উচ্চতম ন্যায়ালয়ৰ বাধা নিষেধ থকাৰ পাছতো একমাত্ৰ ম’হপালকৰ একান্ত সন্মতিৰ বাবেই এইবাৰো ম'হ যুঁজ অনুষ্ঠিত কৰা হয় বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ৷ নগাঁও জিলাৰ গোমোঠাগাঁও, ভৰাগুৰি, দেওধৰ, মৌখাতি আদি বিভিন্ন স্থানত অনুষ্ঠিত হয় ম’হ যুঁজ ৷
আনহাতে কাষৰীয়া মৰিগাঁও জিলাৰো কেইবাটাও স্থানত ম’হ যুঁজায় গুৱালসকলে ৷ কিন্তু ম’হ যুঁজ বুলি ক’লে সমগ্ৰ অসমবাসীৰ মনলৈ আহে আঁহতগুৰিৰ কথা৷ অৱশ্যে মহামাৰীৰ শংকাৰ বাবেই এইবাৰ নিজম পৰি ৰ’ল আঁহতগুৰিৰ ম’হ যুঁজ থলী ৷
লগতে পঢ়ক: Surya Namaskar For Vitality: ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সােণােৱালৰ সূৰ্য নমস্কাৰ