নগাঁও, 25 অক্টোবৰ : এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম সন্তান দেৱজিৎ গায়ন । নগাঁৱৰ বঢ়মপুৰৰ দেৱজিৎ গায়নে খাচীয়া ভাষাৰ ইউদুহ নামৰ ছবিখনৰ শব্দ গ্ৰহণৰ বাবে লাভ কৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান ৰজতকমল বঁটা । ইতিমধ্যে নতুন দিল্লীত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দেৱজিৎ গায়নক এই বঁটা প্ৰদান কৰে দেশৰ উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডুয়ে ।
উল্লেখযোগ্য যে, শিল্পী দেৱজিৎ গায়নে জ্যোতি চিত্ৰবনৰ পৰা শব্দ গ্ৰহণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত জড়িত হৈ পৰিছিল ছবি জগতৰ লগত । ইতিমধ্যে এইগৰাকী শব্দ গ্ৰহকাৰীয়ে নিজৰ প্ৰতিভাৰ জৰিয়তে ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত বহুবাৰ হৈছে সন্মানিত । জ্যোতি চিত্ৰবনৰ পৰা আনুষ্ঠানিক শিক্ষা সামৰি প্ৰায় দহ বছৰৰো অধিক সময় কাম কৰিছিল ধাৰাবাহিক, চুটি ছবি, ৰিয়েলিটি শ্ব, তথ্যচিত্ৰ ইত্যাদি নিৰ্মাণত ।
নগাঁৱৰ বঢ়মপুৰৰ সু-সন্তান দেৱজিৎ গায়নে ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা লাভ কৰাৰ পাছতে ৰাজ্যবাসীৰ লগতে উৎফুল্লিত হৈ পৰিছে নগাঁওবাসী । দেৱজিৎ গায়নৰ লগতে অসমীয়া চলচ্চিত্ৰৰ এগৰাকী জনপ্রিয় চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক চন্দ্ৰ মুদৈৰ দ্বাৰা পৰিচালিত 'ৰণুৱা' নামৰ অসমীয়া ছবিখনেও ৰজতকমল বঁটা লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ।
লগতে পঢ়ক : ৰজতকমল বঁটাৰে উজলিল চন্দ্ৰ মুদৈ পৰিচালিত অসমীয়া বোলছবি ৰণুৱা