ETV Bharat / state

পুঁজিপতিৰ ওচৰত বিক্ৰী হৈছে সোণোৱাল চৰকাৰ : দেৱব্ৰত শইকীয়া - চৰকাৰ-বিৰোধী সকলো জড়িত থাকিব

শুকুৰবাৰে চামগুৰি ৰাজহ চক্ৰৰ অধীনৰ আমদাঙাত উপস্থিত হৈ ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই ৷ ইয়াৰ ওপৰিও নেতা গৰাকীয়ে কয় যে, "অসম চৰকাৰখন ইষ্ট ইণ্ডিয়া কোম্পানীৰ চৰকাৰ । মহাপুৰুষৰ নামত যি মিউজিয়াম আছে তাত কি থাকিব লাগে, কি থাকিব নালাগে সেইয়া অসম চুক্তি ৰূপায়ন বিভাগ আৰু বিশেষজ্ঞই ঠিক কৰিব ।

Debabrat Saikia critisieze assam BJP government
পুঁজিপতিৰ ওচৰত বিক্ৰী হৈছে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰঃ দেৱব্ৰত শইকীয়া
author img

By

Published : Oct 30, 2020, 10:59 PM IST

চামগুৰি, 30 অক্টোবৰ: "বঢ়মপুৰৰ আমডাংগাত ৰায়তী খতিয়ানপ্ৰাপ্ত লোকক উচ্ছেদ কৰাটো দুৰ্ভাগ্যজনক ৷ জাতি-মাটি ৰক্ষা কৰাৰ নিলাজ শ্লোগান দিছে এইখন চৰকাৰে । মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থানত পুঁজিপতিৰ ওচৰত বিক্ৰী হৈছে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ "। শুকুৰবাৰে চামগুৰি ৰাজহ চক্ৰৰ অধীনৰ আমদাংগাত উপস্থিত হৈ এই মন্তব্য কৰে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই ৷ ইয়াৰ ওপৰিও নেতা গৰাকীয়ে কয় যে, "অসম চৰকাৰখন ইষ্ট ইণ্ডিয়া কোম্পানীৰ চৰকাৰ । মহাপুৰুষৰ নামত যি মিউজিয়াম আছে তাত কি থাকিব লাগে, কি থাকিব নালাগে সেইয়া অসম চুক্তি ৰূপায়ন বিভাগ আৰু বিশেষজ্ঞই ঠিক কৰিব । ইয়াত কি থাকিব সেইয়া কোনো ৰাজনীতিবিদে ঠিৰাং কৰা উচিত নহয় ৷ যি সকল ৰাজনৈতিক লোকে এই সংক্ৰান্তত মন্তব্য দিছে তেওঁলোকে নিজৰ ভোট বেংকৰ স্বাৰ্থত মন্তব্য দিছে "। আনহাতে ডাঙৰ ডাঙৰ সমস্যা সমূহ সমাধান কৰিবলৈ চৰকাৰৰ হাতত পুঁজি নাই, কিন্তু কোনোবাই প্ৰস্তাৱ কৰিলে মিউজিয়াম বনাবলৈও চৰকাৰৰ হাতত কেনেকৈ পুঁজি থাকে বুলি প্ৰশ্ন কৰে দেৱব্ৰত শইকীয়াই ৷

পুঁজিপতিৰ ওচৰত বিক্ৰী হৈছে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰঃ দেৱব্ৰত শইকীয়া

আনহাতে এইয়া এটা ৰাজনৈতিক ষড়যন্ত্ৰ বুলি মন্তব্য কৰি ইয়াত চৰকাৰ-বিৰোধী সকলো জড়িত থাকিব পাৰে বুলি মন্তব্য কৰে দেৱব্ৰত শইকীয়াই ৷ অসমক ভালপোৱা কোনো লোকেই এইবিলাক বিৰ্তকত সোমোৱাৰ দৰকাৰ নাই আৰু ইয়াৰ কোনো প্ৰয়োজন নাই বুলিও মন্তব্য কৰে দেৱব্ৰত শইকীয়াই ৷ ইফালে সভাপতি ৰিপুণ বৰাক পদৰ পৰা আঁতৰাবৰ বাবে পঠোৱা পত্ৰত নিজৰ নাম থকা প্ৰসংগ সন্দৰ্ভত দেবব্ৰত শইকীয়াই কয় ৰিপুণ বৰাই যদি ভাল কাম কৰিছে তেন্তে ৰিপুণ বৰাক ৰাখক,বেয়া কাম কৰিলে আঁতৰাই দিব তাত মোৰ ক'ব লগা একো নাই ৷

মই এজন দলৰ সৈনিক,মই মোৰ দায়িত্ব পালন কৰি আছো বুলি মন্তব্য কৰি আজান পীৰৰ সংগ্ৰহালয় সন্দৰ্ভতো মত পোষণ কৰি দলপতি গৰাকীয়ে কয় যে নাজিৰাত আজান পীৰৰ সংগ্ৰহালয়ৰ বাবে মাটি নিৰ্ধাৰণ কৰা হৈছে ৷ তাত আজান পীৰৰ সংগ্ৰহালয় নিৰ্মাণ কৰাৰো দাবী উত্থাপন কৰে বিৰোধী দলৰ নেতাগৰাকীয়ে ৷

লগতে পঢ়কঃ গুৱাহাটীৰ তিনি সমষ্টিত নিজা প্ৰাৰ্থী দিব ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.