ETV Bharat / state

Elephant death in Kaliabor: মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে আঘাতপ্ৰাপ্ত এটা বন্যহস্তীয়ে - Elephant death in Kaliabor

বৃহস্পতিবাৰে মৃত্যু হ’ল কলিয়াবৰৰ সোণাৰী চাহ বাগিচাৰ ৯ নম্বৰ লাইনত আঘাতপ্ৰাপ্ত হৈ মৃত্যু যন্ত্ৰনাত চটফটাই থকা বন্য হস্তীটোৱে (Elephant death in Kaliabor) ৷ বনবিভাগৰ লোকে চিকিৎসা প্ৰদান কৰি আহিছিল যদিও অৱশেষত মৃত্যুৰ সাৱতিলে বন্যহস্তীটোয়ে ৷

Injured a wild elephant
অৱশেষত মৃত্যু হ’ল কলিয়াবৰত আঘাতপ্ৰাপ্ত এটা বন্য হস্তীটোৰ
author img

By

Published : Feb 10, 2022, 4:32 PM IST

কলিয়াবৰ, 10 ফেব্ৰুৱাৰী : অৱশেষত মৃত্যুৰে সৈতে যুঁজি হাৰ মানিলে কলিয়াবৰত আঘাতপ্ৰাপ্ত এটা বন্য হস্তীয়ে (Death of an injured wild elephant in Kaliabor) ৷ বৃহস্পতিবাৰে মৃত্যু হ’ল কলিয়াবৰৰ কামাখ্যা বনাঞ্চলৰ সমীপৰ সোণাৰী চাহ বাগিচাৰ ৯ নম্বৰ লাইনত মৃত্যু যন্ত্ৰনাত চটফটাই থকা বন্য হস্তীটোৰ ৷ বনবিভাগৰ সন্দেহ, দঁতাল হাতীৰ যুঁজত আঘাতপ্ৰাপ্ত হৈ আহত হৈছিল বনৰীয়া হাতীটো ৷

স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, কলিয়াবৰৰ কামাখ্যা বনাঞ্চলৰ সমীপৰ সোণাৰী চাহ বাগিচাত শুনিবলৈ পোৱা গৈছিল হাতীৰ চিঞৰ (Injured a wild elephant) ৷ চিঞৰ শুনি গঞা ৰাইজ ওলাই আহিছিল সোণাৰী চাহ বাগিচালৈ ৷ তাৰ পাচতেই বাগানৰ মাজত গঞা ৰাইজে প্ৰত্যক্ষ কৰে আঘাতপ্ৰাপ্ত হাতীটোক ৷

অৱশেষত মৃত্যু হ’ল কলিয়াবৰত আঘাতপ্ৰাপ্ত এটা বন্য হস্তীটোৰ

পৰৱৰ্তী সময়ত গঞা ৰাইজে খবৰ দিয়ে বনবিভাগক ৷ খবৰ পোৱাৰ মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় বনবিভাগৰ লোক ৷ ততাতৈয়াকৈ বনবিভাগৰ তৰফৰ পৰা চিকিৎসা কৰা হয় আহত বন্যহস্তীটোক ৷

কিন্তু চিকিৎসা লাভ কৰাৰ পাচতো হাতীটোৰ স্বাস্থ্যৰ কোনো পৰিৱৰ্তন নহ’ল ৷ চিকিৎসকৰ সন্দেহ ভিতৰি গুৰুত্বৰভাৱে আঘাটপ্ৰাপ্ত হৈছিল হাতীটোয়ে ৷ বন বিভাগৰ চিকিৎসকে চিকিৎসা প্ৰদান কৰি আহিছিল যদিও অৱশেষত বৃহস্পতিবাৰে মৃত্যুক আকোঁৱালি ল’লে আঘাতপ্ৰাপ্ত বন্যহস্তীটোৱে ৷

লগতে পঢ়ক : Wild elephant rescued : উদ্ধাৰ কৰা হ’ল গড়চুকত বোকাত আৱদ্ধ বন্যহস্তী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.