ৰূপহীহাট, 22 ছেপ্টেম্বৰ : সোণাই নদীত উদ্ধাৰ হৈছে এটা অৰ্ধগলিত মৃতদেহ ৷ উদ্ধাৰ হোৱা মৃতদেহটো এজন যুৱকৰ বুলি চিনাক্ত হৈছে ৷ যুৱক জন পূৱ উদমাৰী গাঁৱৰ ইক্ৰামূল হুছেইন বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, বিগত তিনিদিনধৰি সন্ধানহীন হৈ আছিল যুৱকজন । অৱশেষত সোমবাৰে জুৰীয়া আৰক্ষীয়ে উদ্ধাৰ কৰিলে মৃতদেহটো ৷
ইপিনে কোনো দুষ্ট চক্ৰই যুৱকজনক পৰিকল্পিত ভাৱে হত্যা কৰি নদীত পেলাই থৈ যোৱাাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ৷ ইফালে এয়া হত্যা নে আত্মহত্যা সেইকথা আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে, জুৰীয়া আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে ।
লগতে পঢ়ক :অসমত ৰোধ হৈছে গঁড়ৰ চোৰাং চিকাৰঃ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য