বঢ়মপুৰ,21 মে’: কামপুৰত ৰৰহস্যজনকভাৱে ৰে'লৰ চেপাত মৃত্যু এজন যুৱকৰ ৷ মৃত যুৱকজন কামপুৰ বিলপাৰৰ বিপ্লৱ মণ্ডল বুলি চিনাক্ত কৰা হৈছে । পেচাগত ভাৱে বিপ্লৱ মণ্ডল হৈছে এগৰাকী শিক্ষক ।
শুকুৰবাৰে পুৱাৰ ভাগত ৰে’ল লাইনৰ পৰা উদ্ধাৰ কৰা হয় বিপ্লৱ মণ্ডলৰ মৃতদেহ ৷ বিপ্লৱ মণ্ডলৰ মৃত্যুক লৈ সমগ্ৰ অঞ্চলটোতে বিৰাজ কৰিছে চাঞ্চল্যৰ ৷
আৰ্থিক দুৰাৱস্থাৰ বাবেই বিপ্লৱ মণ্ডলে আত্মহত্যাৰ পথ বাচি লোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷ আৰক্ষীয়ে মৰোণত্তৰ পৰীক্ষাৰ বাবে বিপ্লৱ মণ্ডলৰ মৃতদেহটো প্ৰেৰণ কৰিছে ৷
লগতে পঢ়ক: বৰপেটাৰোডত নাৰী দেহ ব্যৱসায়ীৰ ঘাটি উচ্ছেদ