ETV Bharat / state

বোকাজানত চালকৰ মৃতদেহ উদ্ধাৰ

অসম-নগালেণ্ড সীমান্তত যুৱকৰ মৃতদেহ উদ্ধাৰ ৷ চুইফ্ট ডিজায়াৰ গাড়ী লৈ ওলাই গৈছিল ঘৰৰ পৰা ৷

বোকাজানত চালকৰ মৃতদেহ উদ্ধাৰ
বোকাজানত চালকৰ মৃতদেহ উদ্ধাৰ
author img

By

Published : Mar 6, 2021, 6:33 PM IST

Updated : Mar 6, 2021, 7:34 PM IST

ডিফু, ৬ মাৰ্চঃ শনিবাৰে পুৱাৰ ভাগত পাহাৰীয়া জিলা কাৰ্বি আংলংৰ অসম-নগালেণ্ড সীমান্তত উদ্ধাৰ হয় এটা মৃতদেহ ৷ জানিব পৰা মতে, শনিবাৰে পুৱাৰ ভাগত খটখটি আৰক্ষী থানাৰ অন্তৰ্গত খটখটি আৰু ডিমাপুৰ ৰেল ষ্টেচনৰ মাজৰ চানডে মাৰ্কেট এলেকাত ৰেলপথৰ সমীপত এটা মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে ৰেল আৰক্ষীক অৱগত কৰে । ৰেল আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৃতদেহৰ সৈতে পোৱা চালকৰ অনুজ্ঞাপত্ৰৰ জৰিয়তে মৃত যুৱকজন নগাঁও জিলাৰ পুৰণিগুদামৰ গড়মূৰৰ নৱজ্যোতি গায়ন বুলি চিনাক্ত কৰে ।

প্ৰাপ্ত তথ্য অনুসৰি, যুৱকজনে শুকুৰবাৰে নিশা AS-02-P-3602 নম্বৰৰ নিজৰ চুইফ্ট ডিজায়াৰ গাড়ীখন লৈ ঘৰৰ পৰা ওলাই অহাৰ লগতে যুৱকজনক কোনো দূৰ্বৃত্তই চুবুৰীয়া ৰাজ্য নগালেণ্ডলৈ নিয়াৰ চলেৰে তেওঁক হত্যা কৰি গাড়ীখন লৈ যোৱা বুলি সন্দেহ কৰা হৈছে । আনহাতে ৰেল আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰে ৷ ৰেলৱে আৰক্ষীয়ে পৰিয়ালৰ সৈতে যোগাযোগ কৰাত পৰিয়ালৰ লোক ইতিমধ্যে ডিফুত আহি উপস্থিত হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ অভিজিৎ হাজৰিকাক লাগে ৰঙাপৰা সমষ্টি !

Last Updated : Mar 6, 2021, 7:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.