ETV Bharat / state

কামপুৰত কপিলী নৈৰ তাণ্ডৱ

author img

By

Published : May 29, 2020, 5:07 PM IST

কামপুৰত ভয়ংকৰ বান পৰিস্থিতি ৷ ইতিমধ্যে ২০ খনকৈ গাঁৱৰ লোক বানৰ কৱলত পৰে ৷ ঘৰ এৰি নিৰাপদ স্থানলৈ গমন বানাক্ৰান্ত লোক সকলৰ ৷

ETV BHARAT
কামপুৰত কপিলী নৈৰ তাণ্ডৱ

বঢ়মপুৰ, 29 মেঃ কামপুৰত কপিলী নৈ বাঢ়নী পানীত বুৰ গল বিস্তীৰ্ণ অঞ্চল ৷ ঘৰৰ ভিতৰলৈ একাঠু একাঠু পানী সোমোৱাত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে ৰাইজৰ ৷

কামপুৰত কপিলী নৈৰ তাণ্ডৱ

ৰাজ্যত একে লেঠাৰিয়ে বৰষুণ দি থকাৰ ফলত বিভিন্ন জিলাৰ লগতে কামপুৰতো ফেনে ফোটোকাৰে বাঢ়িছে কপিলীৰ নৈৰ জলপৃষ্ঠ ৷ কপিলীৰ নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে প্ৰায় ২০ খনকৈ গাঁও জলমগ্ন হৈ পৰে৷ ফলত বিস্তৰ ক্ষতি সাধন হয় ৰাইজৰ ৷ তাৰোপৰি অব্যাহত নিশাৰী নৈৰ তাণ্ডৱ । নিশাৰী নৈৰ বাঢ়নী পানীয়ে একে নিশাই বুৰাই পেলালে কামপুৰ আৰু কঠিয়াতলী মৌজাৰ বৃহৎ অঞ্চল । তেতেলী সৰা গাঁও পঞ্চায়তৰ প্ৰায় ২০ খন গাঁও প্লাৱিত হয় ৷ ঘৰৰ ভিতৰৰ লৈকে একাঠু একাঠু পানী সোমোৱাত এতিয়া ঘৰ এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বানাক্ৰান্ত লোক সকলে৷ উক্ত বানত কামপুৰ আৰু কঠিয়াতলী সংযোগী পথৰ ওপৰত একাঠু লৈকে পানী হোৱাত যাতায়াত সেৱা ব্যাহত হৈ পৰিছে সমগ্ৰ অঞ্চলটোত । আনহাতে জিলা প্ৰশাসনৰ পৰা কোনো সহায় নোপোৱা বুলি অভিযোগ কৰে বানাক্ৰান্ত লোক সকলে ৷

লগতে পঢ়ক- অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতিঃ এতিয়ালৈকে তিনিজনৰ মৃত্যু !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.