ETV Bharat / state

নগাঁও প্ৰেছ ক্লাৱত সাংবাদিকক ভেকচিন প্ৰদান

author img

By

Published : May 8, 2021, 5:31 PM IST

নগাঁও প্ৰেছ ক্লাৱৰ অনুৰোধ মৰ্মে নগাঁও জিলা প্ৰশাসন আৰু নগাঁও জিলা স্বাস্থ্য বিভাগে শুকুৰবাৰে নগাঁও প্ৰেছ ক্লাৱত সাংবাদিক সকলক ভেকচিন প্ৰদান কৰে ৷ নগাঁও প্ৰেছ ক্লাৱত শুকুৰবাৰে প্ৰায় ২২০ জন লোকক ক'ভিড ভেকচিন প্ৰদান কৰা হয় ৷ প্ৰেছ ক্লাৱৰ তৰফৰ পৰা ক'ভিড মহামাৰীৰ প্ৰতিৰোধৰ বাবে ৰাইজক ক'ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান জনায় ৷

covid-vaccination-nagaon-press-club
নগাঁও প্ৰেছ ক্লাৱত সাংবাদিকক ভেকচিন প্ৰদান

নগাঁও, 8 মে': কৰ’ণা দ্বিতীয় লহৰৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ব্যাপক হাৰত ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী অব্যাহত ৰাখিছে । নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়াই অহা সাংবাদিকসকলক ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে চৰকাৰে ৷ নগাঁও প্ৰেছ ক্লাৱৰ অনুৰোধ মৰ্মে নগাঁও জিলা প্ৰশাসন আৰু নগাঁও জিলা স্বাস্থ্য বিভাগে শুকুৰবাৰে নগাঁও প্ৰেছ ক্লাৱত সাংবাদিক সকলক ভেকচিন প্ৰদান কৰে ৷ সাংবাদিক সকলৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য আৰু অন্যান্য লোককো ভেকচিন প্ৰদান কৰা হয় ৷ নগাঁও প্ৰেছ ক্লাৱত শুকুৰবাৰে প্ৰায় ২২০ জন লোকক ক'ভিড ভেকচিন প্ৰদান কৰা হয় ৷

ভেকচিন প্ৰদান কাৰ্যসূচীত নগাঁও জিলা স্বাস্থ্য বিভাগৰ মহকুমা স্বাস্থ্য বিষয়া ডা৹ মধুমিতা বৰা, স্বাস্থ্য বিষয়া ডা৹ ডেইজী বৰা, এল এইচ এছ চামচুন নেহাৰ, নাৰ্চ ক্ৰমে হেমা প্ৰভা ডেকা, পম্পী নাথ, হেনা কাশ্যপ, অৰ্চনা নাথ, ৰূপাঞ্জলী হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰে ৷ নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকা আৰু সম্পাদকদ্বয় ভাস্কৰ জ্যোতি মেধি আৰু চন্দনজ্যোতি বৰাই সাংবাদিক সকলক ভেকচিন প্ৰদান কৰা পদক্ষেপক শলাগ লোৱাৰ লগতে নগাঁও জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ নগাঁও প্ৰেছ ক্লাৱে ক'ভিড মহামাৰীৰ প্ৰতিৰোধৰ বাবে ৰাইজক ক'ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ তৎপৰ ডিব্ৰুগড় প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.