কলিয়াবৰ,13 মে’: কলিয়াবৰত ব্যক্তিগত খণ্ডৰ উদ্যোগত ক’ভিডৰ নীতি-নিৰ্দেশনা উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ সত্যম প্লাষ্ট' টেক্ নামৰ উদ্যোগটোৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ উদ্যোগটোৰ তিনিজনকৈ কৰ্মীৰ ক’ভিড সংক্ৰমণৰ পাছতো উদ্যোগ কৰ্তৃপক্ষই কোনো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷
অভিযোগ অনুসৰি, উদ্যোগগটোৰ কৰ্মীক নিজাববীয়াকৈ ক’ভিড পৰীক্ষা কৰিবলৈ দি দায়িত্ব সামৰিছে উদ্যোগ কৰ্তৃপক্ষই ৷ ক’ভিড নীতিক অংগুষ্ঠ প্ৰদৰ্শন কৰি উৎপাদন তথা সামগ্ৰী সৰবৰাহ কৰাৰো অভিযোগ উঠিছে কোম্পানীটোৰ বিৰুদ্ধে ।
ইফালে উদ্যোগটোৰ চৌহদতে এগৰাকী ক’ভিড ৰোগী থকা স্বত্বেও প্ৰৱেশদ্বাৰত 'কণ্টেইনমেণ্ট জ'নৰ ফলক নথকাৰ অভিযোগ পোহৰলৈ আহিছে ৷ ইফালে কলিয়াবৰৰ মহকুমা প্ৰশাসনৰ বিষয়াই উদ্যোগটো পৰিদৰ্শন কৰাৰ পাছতো কেনেদৰে উদ্যোগটো চলাবলৈ অনুমতি প্ৰদান কৰা হৈছে তাকলৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
লগতে পঢ়ক: দায়িত্ব লৈয়েই অসম চুক্তি ৰূপায়ণ বিভাগত উপস্থিত মন্ত্ৰী অতুল বৰা