কলিয়াবৰ,২০ এপ্ৰিল: ৰাজ্যৰ ভিন্ন প্ৰান্তত পুনৰ কৰ'ণাই কালৰূপ ধাৰণ কৰিছে । ৰাজ্যৰ বহু জিলাত ইতিমধ্যে কঠোৰ হৈছে প্ৰশাসন । ৰে’ল ষ্টেচন, বিমানবন্দৰ আদিত ক'ভিড-১৯ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ইয়াৰ মাজতে নগাঁৱৰ কলিয়াবৰত পুনৰ এগৰাকী লোকৰ দেহত ধৰা পৰে ক'ভিড-১৯ ভাইৰাছৰ অৱস্থিতি । কলিয়াবৰৰ জখলাবন্ধা ৰে’ল ষ্টেচনত পৰীক্ষা কৰাৰ সময়ত ১ নং বৰঘূলীৰ ৱাহিদুল ইছলাম নামৰ এজন যুৱকৰ দেহত ধৰা পৰে ভাইৰাছৰ অৱস্থিতি । মুঠ ২৮ গৰাকী যাত্ৰীক পৰীক্ষা কৰা হৈছিল যদিও এজনৰ দেহতহে ধৰা পৰে মহামাৰীৰ অৱস্থিতি ।
আনহাতে, ষ্টেচনত নমা ভালেসংখ্যক যাত্ৰীৰ ক'ভিড পৰীক্ষা নকৰাকৈয়ে পলায়ন কৰে । ইয়াৰ লগে লগে কলিয়াবৰত ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা ১৬ লৈ বৃদ্ধি পালে ।
লগতে পঢ়ক: হোজাইত শোৱাপাটীত উদ্ধাৰ মহিলাৰ মৃতদেহ