নগাঁও, ৪ ছেপ্টেম্বৰ : ৰাজ্যত আনলক ঘোষণা কৰাৰ পিছতে বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা । নিতৌ মৃত্যুক আকোঁৱালি ল'বলগীয়া হৈছে বহু লোকে । বৃহস্পতিবাৰে COVID-19 মহামাৰীয়ে প্ৰাণ ল'লে নগাঁৱৰ এগৰাকী ৮০বছৰীয়া বৃদ্ধাৰ । মৃত মহিলাগৰাকী নগাঁৱৰ পানীগাঁও ছয়আলিৰ বেণুমাই বৰুৱা ৷
এসপ্তাহ ধৰি জ্বৰ-কাঁহ হৈ থকা বাবে যোৱা ২ছেপ্টেম্বৰত উত্তৰ গুৱাহাটীস্থিত জি এন আৰ চি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল মহিলাগৰাকীক । চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত বৃদ্ধাগৰাকী COVID-19ত আক্ৰান্ত হোৱা বুলি চিকিৎসকে নিশ্চিত কৰে ।
অৱশেষত বৃহস্পতিবাৰে নিশা মৃত্যুৰে হাৰ মানিলে ৮০বছৰীয়া বৃদ্ধাগৰাকীয়ে । স্বাস্থ্য বিভাগৰ তৰফৰ পৰা চৰকাৰী নীতি-নিয়ম অনুসৰি গুৱাহাটীতে বেণুমাই বৰুৱাৰ শেষকৃত্য সম্পন্ন কৰিব বুলি পৰিয়ালৰ লোকে প্ৰকাশ কৰিছে ।
লগতে পঢ়ক : জম্মু-কাশ্মীৰৰ অৰ্ধ সামৰিক বাহিনীত কৰ্মৰত অসমীয়া বিষয়াৰ আত্মহত্যা