ETV Bharat / state

ক'ভিডত মৃত্যু হোৱা লোকৰ শৰীৰৰ অংগ কাটি ৰখাৰ ভয়ংকৰ অভিযোগ

author img

By

Published : Jul 6, 2021, 3:07 PM IST

ক’ভিডক লৈ ৰাজ্যৰ স্বাস্থ্য বিভাগত আচলতে চলিছে কি ? ক’ভিড ১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা এজন লোকৰ অংগ কাটি ৰখাৰ অভিযোগে এতিয়া তোলপাৰ লগাইছে নগাঁৱত ।

covid_dead_body_controversy
স্বাস্থ্য বিভাগত আজৱ কাণ্ড: ক'ভিডত মৃত্যু হোৱা লোকৰ অঙ্গ কাটি ৰখাৰ অভিযোগ

নগাঁও, 6 জুলাই : ৰাজ্যৰ স্বাস্থ্য বিভাগ (Health Department)ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । ক’ভিড ১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা এজন লোকৰ অংগ কাটি ৰখাৰ অভিযোগে এতিয়া তোলপাৰ লগাইছে নগাঁৱত । মৃতদেহটোৰ চকুৰ পৰা আৰম্ভ কৰি শৰীৰৰ কেইবাটাও অংগ কাটি নিয়াৰ অভিযোগ তুলিছে মৃত যুৱকজনৰ পৰিয়ালৰ লোকে । গুৱাহাটী মেডিকেল কলেজ হাস্পতাল (Guwahati Medical College and Hospital)ত সংঘটিত হৈছে এই ঘটনা ৷

ধিঙৰ ভকত গাঁৱৰ ৰাতুল শইকীয়া নামৰ যুৱকজনৰ ২৮ জুনত ধিং এফ আৰ ইউত ক’ভিড (Covid 19) পজিটিভ ধৰা পৰে ৷ ইয়াৰ পাছত ২৯ জুনত ৰাতুলক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় (Nagaon civil hospital)ত ভৰ্তি কৰা হয় ৷ নগাঁও অসামৰিক চিকিৎসালয়(Nagaon civil hospital)ৰ পৰা সেইদিনাই ৰাতুলক গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ (Guwahati Medical College and Hospital)ৰ ক’ভিড চুপাৰ স্পেচিয়েলিটি হাস্পতাল (Covid Super-Specialty Hospital)লৈ প্ৰেৰণ কৰা হয় ৷

গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ (Guwahati Medical College and Hospital)ৰ ক’ভিড চুপাৰ স্পেচিয়েলিটি হাস্পতাল (Covid Super-Specialty Hospital)ত চিকিৎসাধীন হৈ থকা সময়তে ২ জুলাইৰ পুৱা ৰাতুল শইকীয়াৰ মৃত্যু হোৱা বুলি হাস্পতাল কৰ্তৃপক্ষই ৰাতুলৰ পৰিয়ালক খবৰ দিয়ে । এই খবৰ লাভ কৰাৰ পাছতেই পৰিয়ালৰ লোক হাস্পতালত উপস্থিত হৈ ৰাতুলৰ মৃতদেহটো দেখি হতভম্ব হৈ পৰে ।

ৰাতুলৰ পৰিয়ালৰ অভিযোগ মতে, ৰাতুলৰ মৃতদেহতোট নাছিল এটা চকু আৰু কটা আছিল পেটৰ তলৰ অংশ । ইয়াকে দেখি হতভম্ব হৈ পৰিছিল পৰিয়াল আৰু আত্মীয় । তদুপৰি হাস্পতাল কৰ্তৃপক্ষ (Guwahati Medical College and Hospital)ই পৰিয়ালক মৃতদেহ চমজাই নিদি গুৱাহাটীতে সৎকাৰ কৰিছিল ।

ৰাতুলৰ পৰিয়ালৰ লোকে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী (CM) আৰু স্বাস্থ্যমন্ত্ৰী (Health Minister)ক অভিযোগ দাখিল কৰাৰ সিদ্ধান্ত লৈছে ৷ সম্প্ৰতি এই ঘটনাই সমগ্র অঞ্চলটোত তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : APSC Scam: ন্যায়াধীশ শৰ্মা আয়োগক লিখিত উত্তৰ জনালে তিনি বিষয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.