ETV Bharat / state

PMAY আঁচনিৰ নামত চামগুৰিত বৃহৎ কেলেংকাৰী

author img

By

Published : Oct 9, 2021, 5:49 PM IST

ৰাজ্যৰ ভিন্ন পঞ্চায়তত এতিয়া দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আছে । তাৰ মাজতে নগাঁও জিলাৰো এটা পঞ্চায়তত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠিছে পঞ্চায়তটোৰ সভাপতিৰ বিৰুদ্ধে । এতিয়া ন্যায় বিচাৰিছে পঞ্চায়তৰ বঞ্চিত লোকসকলে ।

corruption
PMAY আঁচনিৰ নামত চামগুৰিত বৃহৎ কেলেংকাৰী

চামগুৰি,৯ অক্টোবৰ : নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ লাওখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত লাইলুৰী গাঁও পঞ্চায়তত বিয়াগোম দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । দৰিদ্ৰ লোকক বঞ্চিত কৰি ধনৰ বিনিময়ত চৰকাৰী আঁচনি কিনা-বেচা কৰাৰ অভিযোগ উঠিছে খোদ পঞ্চায়তটোৰ সভাপতি গৰাকীৰ বিৰুদ্ধে ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ (PMAY) এটা ঘৰৰ বাবে একাংশ দুৰ্ভগীয়া পৰিয়ালে বছৰ বছৰ ধৰি অপেক্ষা কৰিবলগীয়া হৈছে ।

কিন্তু তাৰ পৰিৱৰ্তে দুৰ্নীতিৰ আশ্ৰয় লৈ একাংশ লোকক হিতাধিকাৰী সজাই সভাপতিয়ে তালিকা প্ৰস্তুত কৰাৰ অভিযোগ উঠিছে । চৰকাৰী বিভিন্ন আঁচনিৰ পৰা বঞ্চিত লোকসকলে সভাপতি ধৰ্মেন্দ্ৰ দাসৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ ৷ তেওঁলোকৰ অভিযোগ, ঘৰতে বহি নেতাই তৈয়াৰ কৰে হিতাধিকাৰীৰ (beneficiary) তালিকা ৷ পিছে তালিকাত অন্তৰ্ভুক্তহে নহয় প্ৰকৃত হিতাধিকাৰীৰ নাম ৷

অভিযোগ মতে, অন্যায় আৰু দুৰ্নীতিৰে জনপ্ৰতিনিধিয়ে এফালৰপৰা ধন চপাইছে ৷ আনহাতে প্ৰতাৰণাৰ বলি হৈছে প্ৰকৃত হিতাধিকাৰীসকল । স্থানীয় নেতাৰ এনে দুৰ্নীতিৰ উচিত তদন্ত বিচাৰিছে এতিয়া পঞ্চায়তটোৰ একাংশ বঞ্চিত লোকে । কিন্তু বঞ্চিত লোকসকলে ন্যায় পাব নে ? জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৰে সমান উন্নয়নৰ শ্ল'গানেৰে গঠিত বিজেপি চৰকাৰে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰিবনে ?

লগতে পঢ়ক :বিশ্বনাথত চাহ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু চকীদাৰক চাইকেল প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.