ETV Bharat / state

ধিং-টুকটুকী সংযোগী পথত দলং নিৰ্মাণত অনিয়মৰ অভিযোগ - মৰণফান্দ

মৰণফান্দলৈ পৰিণত হৈছে ধিং-টুকটুকী সংযোগী পথৰ ৰৌমাৰী বিলৰ ওপৰত নিৰ্মাণ কৰা নতুন দলংখনৰ দুয়োপাৰ ৷ ঠিকাদাৰ আৰু বিভাগীয় কর্তৃপক্ষৰ মইমতালি আৰু নিম্ন মানৰ কামৰ বাবে দলংখনৰ দুয়োপাৰ মৰণফান্দত পৰিণত হৈছে বুলি অভিযোগ তুলিছে স্থানীয় লোকে ৷

ভূমিকম্প ন'হয়, অনিয়মে পথ নিৰ্মাণ কৰাত এই অৱস্থা !

author img

By

Published : May 18, 2021, 11:47 AM IST

চামগুৰি,18 মে': নতুনকৈ নিৰ্মাণ কৰা এখন দলঙে আতংকৰ সৃষ্টি কৰিছে ৰাইজৰ মাজত ৷ ধিং-টুকটুকী সংযোগী পথৰ ৰৌমাৰী বিলৰ ওপৰত নিৰ্মাণ কৰা নতুন দলংখনৰ দুয়োপাৰ বহি যোৱাৰ ফলত এয়া মৰণফান্দলৈ পৰিণত হৈছে ৷

জানিব পৰা মতে, ৰাইজৰ বহু অভিযোগৰ ভিত্তিত আৱণ্টন দিয়া হৈছিল এই পকী দলংখন ৷ কিন্তু এজাক বৰষুণতে দলংখনৰ দুয়োপাৰ বহি যোৱাত এতিয়া চিন্তিত হৈ পৰিছে সাধাৰণ পথচাৰী ৷ ৰাইজৰ অভিযোগ অনুসৰি, ঠিকাদাৰ আৰু বিভাগীয় কর্তৃপক্ষৰ মইমতালি আৰু নিম্নমানৰ কামৰ বাবে মৰণফান্দত পৰিণত হৈছে দলংখনৰ দুয়োপাৰ । দলংখন নিৰ্মাণৰ নামত লক্ষাধিক টকা আত্মসাত কৰাৰো অভিযোগ তুলিছে ৰাইজে ৷

ধিং-টুকটুকী সংযোগী পথত দলং নিৰ্মাণত অনিয়মৰ অভিযোগ

ইফালে, অকল বালিৰে প্ৰায় ৫০ ফুট ওখ পথটো নিৰ্মাণ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷ সম্পূৰ্ণ অনিয়মত নিৰ্মাণ কৰা দলংখনৰ এই অৱস্থাৰ কথা বিভাগীয় কৰ্তৃপক্ষক স্থানীয় লোকে সদৰী কৰিছে যদিও আজিকোপতি এই বিষয়ত কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ সমান্তৰালভাৱে বটদ্ৰৱা গড়কাপ্তানী পথ সংমণ্ডলেও এই বিষয়টোৰ পৰা গা এৰা দিছে বুলি অভিযোগ তুলিছে ৰাইজে ৷ সমগ্ৰ কাণ্ডটোত সংমণ্ডলটোৰ মুখ্য অভিযন্তা জড়িত থকাৰ সন্দেহ কৰিছে ৰাইজে ৷

এনে পৰিপ্ৰেক্ষিততে দলংখন পুনৰ নিৰ্মাণ কৰাৰ লগতে নিৰ্মাণকাৰ্যত সংঘটিত হোৱা অনিয়মৰ উচিত তদন্তৰ দাবী কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক: শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হৈ পৰিব আন্তঃজিলা যাতায়ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.