ETV Bharat / state

ক্ষোভত উচুপি উঠিল অৱহেলিত কোভিড যুদ্ধা - নগাঁও অসামৰিক চিকিৎসালয়

কোভিড আক্ৰান্ত ৰোগীক চিকিৎসা সেৱা আগবঢ়াই নিজেই অৱহেলিত হ'ল এগৰাকী কোভিড যুদ্ধা। চৰকাৰী চিকিৎসালয়তে চিকিৎসা প্ৰদানত অৱহেলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।

corona-warrior-conditaion-at-nagoan-helth-department
স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি উচুপি উঠিল কৰ'ণা যুদ্ধা
author img

By

Published : Jul 8, 2020, 7:19 PM IST

নগাঁও,8জুলাইঃ নগাঁও স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি উচুপি উঠিল স্বয়ং এগৰাকী কোভিড যুদ্ধা । কোভিড আক্ৰান্ত ৰোগীক চিকিৎসা সেৱা আগবঢ়াই নিজেই অৱহেলিত হ'ল এগৰাকী কোভিড যুদ্ধা । চৰকাৰী চিকিৎসালয়তে চিকিৎসা প্ৰদানত অৱহেলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ কোভিডৰ বিৰুদ্ধে যুদ্ধ চলি থকাৰ মাজতে কেনেদৰে চলিছে চিকিৎসা ব্যৱস্থা । খোদ এগৰাকী কোভিড যুদ্ধাই চিকিৎসাৰ ক্ষেত্ৰত অৱহেলিত হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতেই চিকিৎসা ব্যৱস্থাক লৈ উত্থাপন হৈছে বহু প্ৰশ্নৰ। কোভিড যুদ্ধা গৰাকী নাম নাৰ্গিছ চুলতানা।

স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি উচুপি উঠিল কৰ'ণা যুদ্ধা

নগাঁৱৰ উজৰগাঁও কোভিড চিকিৎসালয়ত নিজৰ কৰ্তব্য পালনৰ পিছত বিগত ২৬ জুনত নগাঁৱৰ হোটেল নগাঁও পইণ্টত কোৱাৰেণ্টাইন কৰা হৈছিল এইগৰাকী জি এন এম নাৰ্ছক। কিন্তু হোটেলত কোৱাৰেণ্টাইন হৈ থকাৰ চাৰিদিন পিছতেই হঠাৎ অসুস্থ হৈ পৰিছিল এইগৰাকী নাৰ্ছ। লগে লগেই নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাৰ নামত কেৱল এটা চেলাইন দিয়া হয় নাৰ্ছগৰাকীক। চিকিৎসালয়ৰ বিছনাৰ পৰিবৰ্তে এখন চকীত বহুৱাই চেলাইন দিয়াৰ লগতে উৰে নিশাই চকীত বহাই ৰাখে নাৰ্ছগৰাকীক । পৰৱৰ্তী সময়ত চিকিৎসালয়খনৰ আই চি ইউত ভৰ্তি কৰা হয় যদিও নূন্যতম চিকিৎসাও প্ৰদান নকৰাৰ অভিযোগ কোভিড যোদ্ধা গৰাকীৰ ।

চিকিৎসালয়ৰ পৰা পুনৰ হোটেলত কোৱাৰেণ্টাইন কৰা হয় যদিও মাত্ৰ এটা দিন পিছতেই অৰ্থাৎ কোভিড পৰীক্ষাৰ ফলাফল অহাৰ পূৰ্বেই হোটেলৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় এইগৰাকী কোভিড যুদ্ধাক। বেলেগক চিকিৎসা প্ৰদান কৰি নিজেই চিকিৎসাৰ ক্ষেত্ৰত অৱহেলিত হোৱাৰ কথা কৈ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি উচুপি উঠে কোভিড যুদ্ধাগৰাকী । এতিয়া প্ৰশ্ন হয় এগৰাকী স্বাস্থ্য কৰ্মীয়ে যদি চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰ ক্ষেত্ৰত অৱহেলিত হয় তেন্তে সাধাৰণ লোকৰ ক্ষেত্ৰত কিমান গুৰুত্ব প্ৰদান কৰা হয় সেয়া সহজেই অনুমেয় !

লগতে পঢ়কঃ গোগামুখত প্ৰতিবাদকাৰীৰে বাক বিতণ্ডাত লিপ্ত আৰক্ষী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.