ETV Bharat / state

সাহসিকতাৰে যুঁজি কৰ'ণাক পৰাজিত কৰিলে নগাঁও কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই - ক’ভিড-১৯ ৰ অৱস্থিতি

বিশ্বত্ৰাস কৰ'ণাৰ আতংক এতিয়া একপ্ৰকাৰ নোহোৱা হৈছে নগাঁও কেন্দ্ৰীয় কাৰাগাৰত। কৰ'ণামুক্ত হ'ল কৰ'ণাৰ হটস্পটলৈ পৰিণত হোৱা নগাঁও কেন্দ্ৰীয় কাৰাগাৰ। চিকিৎসালয়ত ভৰ্তি নকৰাকৈয়ে কৰ'ণাক পৰাজিত ২২৭ জন কয়দীৰ।

corona situation in nagaon jail
সাহসিকতাৰে যুঁজি কৰ'ণাক পৰাজিত কৰিলে নগাঁও কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই
author img

By

Published : Sep 2, 2020, 8:51 PM IST

নগাঁও,2 ছেপ্তেম্বৰঃ অৱশেষত কৰ'ণা মুক্ত হ'ল নগাঁও কেন্দ্ৰীয় কাৰাগাৰ । ক'ভিড চিকিৎসালয়ত ভৰ্তি কৰাৰ বিপৰীতে কাৰাগাৰৰ ভিতৰতে আছুতীয়া কক্ষত ৰখা ২২৭ গৰাকী হাজোতী কয়দী এতিয়া কৰ'ণা মুক্ত । কৰ'ণাৰ আতংক একপ্ৰকাৰ নোহোৱা হ'ল কৰ'ণাৰ হটস্পটত পৰিণত হোৱা নগাঁও কেন্দ্ৰীয় কাৰাগাৰ।

সাহসিকতাৰে যুঁজি কৰ'ণাক পৰাজিত কৰিলে নগাঁও কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই

মাত্ৰ কেইদিনমান পূৰ্বে কৰ'ণাৰ হটস্পটলৈ পৰিণত হৈছিল নগাঁও কেন্দ্ৰীয় কাৰাগাৰ । এজন দুজনকৈ কৰ'ণাত আক্ৰান্ত হৈছিল ২২৭ জনকৈ হাজোতী কয়দী । ৮ জুলাইত কেন্দ্ৰীয় কাৰাগাৰখনত থকা চামগুৰিৰ চলচলিৰ এগৰাকী মহিলা হাজোতীৰ দেহত প্ৰথমবাৰৰ বাবে ধৰা পৰিছিল মহামাৰী ক’ভিড ১৯ ৰ অৱস্থিতি। তাৰ পিছতেই কাৰাগাৰখনৰ মুঠ ৪৯৫ গৰাকী হাজোতী কয়দীক ক’ভিড পৰীক্ষা কৰাত ২২৭ গৰাকীকৈ হাজোতীৰ দেহত ধৰা পৰিছিল ক’ভিড-১৯ ৰ অৱস্থিতি । এক হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছিল নগাঁও কেন্দ্ৰীয় কাৰাগাৰত । অধিক কয়দী ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ লগে লগেই নিৰাপত্তাজনিত কাৰণত চিকিৎসালয়ত ভৰ্তি কৰাৰ বিপৰীতে কেন্দ্ৰীয় কাৰাগৰতে আছুতীয়াকৈ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। সেইমৰ্মে কেন্দ্ৰীয় কাৰাগাৰতে আছুতীয়াকৈ ৰাখি ব্যৱস্থা কৰিলে চিকিৎসাৰ। এনে সময়তে কাৰাগাৰখনৰ একমাত্ৰ চিকিৎসকগৰাকীও ১৪ জুলাইত আক্ৰান্ত হয় ক’ভিড ১৯ । অৱশ্যে নগাওঁ জিলা স্বাস্থ্য বিভাগে কাৰাগাৰখনত নিয়োগ কৰিছিল এগৰাকী চিকিৎসক।

corona situation in nagaon jail
সাহসিকতাৰে যুঁজি কৰ'ণাক পৰাজিত কৰিলে নগাঁও কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই
কাৰাগাৰ কৰ্তৃপক্ষই বহু সাহকিতাৰে আৰম্ভ কৰিলে কৰ'ণাবিৰোধী যুজঁ । অৱশেষত ২২৭ হাজোতীয়েই পৰাজিত কৰিবলৈ সক্ষম হয় মহামাৰী কৰ'ণাক। সম্প্ৰতি কৰ'ণা মুক্ত হলেও নগাঁও কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই গ্ৰহণ কৰিছে বহু সতৰ্কতামূলক ব্যৱস্থা । মাস্ক চেনিটাইজাৰ, সামাজিক দূৰত্ব ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰাৰ উপৰিও কাৰাগাৰৰ কৰ্মচাৰী, হাজোতী কয়দীক নিয়মীয়াভাৱে খাবলৈ দিয়া হৈছে ভিটামিন চি টেবলেট। চিকিৎসালয়ত ভৰ্তি নকৰাকৈয়ে ২২৭ গৰাকীকৈ হাজোতী কয়দীৰ উপিৰিও দুজনকৈ কৰ্মচাৰীক কাৰাগাৰতে ৰাখি কৰ'ণাক পৰাজিত কৰিবলৈ সক্ষম হোৱা নগাঁও কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই কৰ'ণা বিৰোধী যুঁজখনত দেখুৱাইছে সাহসিকতাৰ পৰিচয় ।

লগতে পঢ়কঃ চৰাইদেউ-নগালেণ্ড সীমান্তৱৰ্তি পথ অৱৰোধ প্ৰত্যাহাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.