বঢ়মপুৰ, 2 জুন: নগাঁও জিলাৰ কঠিয়াতলীৰ বিভিন্ন স্থানত কৰ’ণা ভাইৰাছ(corona virus) ৰ ব্যাপক সংক্ৰমণ ঘটা পৰিলক্ষিত হৈছে ৷ যাৰ বাবে কঠিয়াতলীৰ পাঁচ স্থানক কণ্টেইনমেণ্ট জ'ন(containment zone) হিচাপে ঘোষণা কৰে প্ৰশাসনে ৷ প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি, নিজ কঠিয়াতলী, কছাৰী গাঁও, নামবৰ লালুং, ৰেংবেং, শগুণবাহী আদি পৰিণত হৈছে কণ্টেইনমেণ্ট জ'ন হিচাপে ৷ তদুপৰি এই অঞ্চল সমূহত বাহিৰা লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে প্ৰশাসনে ৷
ভাইৰাছবিধত আক্ৰান্ত পৰিয়ালসকলক জিলা প্ৰশাসনৰ হৈ খাদ্য সামগ্ৰী বিতৰণ কৰে কামপুৰ ৰাজহ চক্ৰ(kampur circle office) ৰ চক্ৰ বিষয়া ড৹ সংগীতা বৰঠাকুৰে ৷ দৰাচলতে ক'ভিড 19 সম্পৰ্কীয় নীতি নমনাৰ বাবে কঠিয়াতলীত ব্যাপক হাৰত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ৷
লগতে চাওকঃ অমানৱীয় লংকাকাণ্ড: চিকিৎসক প্ৰহাৰৰ ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া