ETV Bharat / state

অগ্নিপথ আঁচনিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ - Protest against Agnipath scheme in Assam

অগ্নিপথ আঁচনি প্ৰত্যাহাৰৰ দাবীত দেশজুৰি অব্য়াহত প্ৰতিবাদ (Protest against Agnipath scheme in Assam)। ইয়াৰ মাজতে এই আঁচনিখন প্ৰত্যাহাৰৰ দাবীত ধিঙত কংগ্ৰেছে জনালে প্ৰতিবাদ । ধিং সমষ্টিৰ মৈৰাবাৰী ব্লক কংগ্ৰেছ কমিটীৰ শান্তিপূৰ্ণ সত্যাগ্ৰহত চৰকাৰক তীব্ৰ সমালোচনা।

dhing
অগ্নিপথ আঁচনিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ
author img

By

Published : Jun 27, 2022, 4:26 PM IST

ধিং, ২৭ জুন: অগ্নিপথ আঁচনি প্ৰত্যাহাৰৰ দাবীত দেশজুৰি অব্য়াহত প্ৰতিবাদ (Protest against Agnipath scheme dhing in Nagaon)। ইয়াৰ মাজতে সোমবাৰে ধিং সমষ্টিৰ মৈৰাবাৰী ব্লক কংগ্ৰেছ কমিটীয়ে শান্তিপূৰ্ণভাৱে ৰূপায়ন কৰে সত্যাগ্ৰহ কাৰ্যসূচী । এই সত্যাগ্ৰহ কাৰ্যসূচীত মৈৰাবাৰী ব্লক কংগ্ৰেছ কমিটীৰ সভাপতিকে ধৰি প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদিকা ৱাহিদা আহমেদ, ধিং সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি চামিম হাচানকে আদি কৰি কংগ্ৰেছৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শ্বাহনেজ বেগম মন্ডলে অংশ গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে ।

অগ্নিপথ আঁচনিখন যুৱ প্ৰজন্মক বিশ্বাসঘাতকতা কৰাৰ এক আঁচনি বুলি উল্লেখ কৰি প্ৰতিবাদকাৰীসকলে কয় যে এই আচঁনি বিজেপি চৰকাৰৰ দ্বাৰা প্ৰস্তুত কৰা ভুল পৰিকল্পনা । চাৰি বছৰীয়া এই আচঁনিৰ পৰিকল্পনাই ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে নতুন নতুন সমস্যাৰ সৃষ্টি কৰিব ( India's national security problems will create in Agnipath scheme )। আচঁনিখনৰ অধীনত নিযুক্তি পাবলগীয়া সেনা জোৱান সকলৰ ক্ষেত্ৰত কোনো পেঞ্চনৰ ব্যৱস্থা নাই । তেওঁলোকৰ কাৰ্যকালো চাৰি বছৰীয়া । এই ঘটনাই সেনাবাহিনীত নিয়োজিত যুৱ প্ৰজন্মৰ মনোবল দুৰ্বল কৰিব।

দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব বুলি দাবী কৰি প্ৰতিবাদকাৰীসকলে পুনৰ কয় যে ইয়াৰ বাবেই বিদেশী ৰাষ্ট্ৰ ভাৰতৰ প্ৰতি প্ৰত্যাহ্বান হৈ পৰিব । কেৱল এয়াই নহয় ৰেজিমেন্ট সমূ্হৰ সামাজিক চৰিত্ৰটোও ধ্বংস কৰি পেলাব । অতি কমদিনীয়া প্ৰশিক্ষণেৰে সাজু কৰিবলৈ পৰিকল্পনা কৰা এই অগ্নিবীৰ সকলৰ কাম-কাজে দেশৰ সশস্ত্ৰ বাহিনীৰ মান-দক্ষতা আৰু কাৰ্যকাৰিতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব বুলিও কয়।

লগতে পঢ়ক: অগ্নিপথ আঁচনিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.