নগাঁও, 9 এপ্ৰিল : 2024 বৰ্ষত দেশত লোকসভা নিৰ্বাচন । তাৰ সমান্তৰালভাৱে আহি আছে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন । অৱশ্যে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এতিয়ালৈকে কোনো স্পষ্ট নিৰ্দেশনা ওলোৱা নাই । কিন্তু কেন্দ্ৰ তথা ৰাজ্যত শাসনাধিষ্ঠিত বিজেপিয়ে অসমত লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে পঞ্চায়ত নিৰ্বাচনৰ বাবেও প্ৰস্তুতি আৰম্ভ কৰিছে (Assam BJP preparation for Lok Sabha election 2023) । তাৰ বাবে ৰাজ্যিক বিজেপিয়ে তৃণমূল পৰ্যায়ৰ পৰা দলৰ সাংগঠনিক ভেটি মজবুত কৰাৰ কাম আৰম্ভ কৰি দিছে ।
উক্ত কাৰ্যসূচীৰ অংশ হিচাবে নগাঁও সদৰ সমষ্টিৰ পঞ্চায়তে পঞ্চায়তে বিজেপিৰ যোগদান কৰ্যসূচী আৰম্ভ কৰিছে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই (Nagaon MLA Rupak Sarma at BJP joining programme) । পঞ্চায়তে পঞ্চায়তে আৰম্ভ কৰা বিজেপিৰ যোগদান কাৰ্যসূচীৰ প্ৰথমদিনাই কংগ্ৰেছৰ বিভিন্ন পদবীত থকা অৰ্ধশতাধিক নেতাৰ লগতে কেইবাশ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে (congress leaders joined BJP at Nagaon) ।
শনিবাৰে বিজেপিৰ খাগৰিজান মণ্ডলৰ উদ্যোগত শেনচোৱা পঞ্চায়তৰ অমৰ বৰকাকতি হাইস্কুল ৰাজহুৱা ভৱনত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী । এই কাৰ্যসূচীত শেনচোৱা পঞ্চায়তৰ তৃৰ্ণমূল কংগ্ৰেছৰ ব্লক, মণ্ডল, বুথ পৰ্যায়ৰ কংগ্ৰেছৰ অৰ্ধশতাধিক নেতাই আনুষ্ঠানিকভাৱে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত বিজেপি দলত যোগদান কৰাৰ লগে লগে শেনচোৱা পঞ্চায়ত কংগ্ৰেছশূন্য হৈ পৰা বুলি দাবী কৰে নগাঁও সদৰ সমষ্টিৰ বিজেপি বিধায়ক ৰূপক শৰ্মাই ।
আনহাতে, বিজেপিৰ আনুষ্ঠানিক যোগদান অনুষ্ঠানত দলটোত যোগদান কৰা ন-বিজেপি নেতা-কৰ্মীক উষ্ম আদৰণি জনায় বিধায়ক ৰূপক শৰ্মাই । লগতে সদৰ সমষ্টিৰ প্ৰতিটো পঞ্চায়ততেই যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব বুলি উল্লেখ কৰি সংবাদ মাধ্যমৰ সন্মুখত বিধায়ক ৰূপক শৰ্মাই মন্তব্য আগবঢ়ায় । তেওঁ কয়, কংগ্ৰেছত এতিয়া খহনীয়া আৰাম্ভ হৈছে । কংগ্ৰেছৰ বিধায়কৰ পৰা আৰম্ভ কৰি পঞ্চায়ত পৰ্যায়লৈকে সকলোৱে দল ত্যাগ কৰিছে । এটা সময়ত দলটোৰ কোনো অস্তিত্ব নাথাকিব ।
আনকি অনাগত সময়ত কংগ্ৰেছশূন্য হৈ পৰিব বুলিও কটাক্ষ কৰি বিধায়ক ৰূপক শৰ্মাই মন্তব্য কৰে । লগতে ৰূপক শৰ্মাৰ মন্তব্য, কংগ্ৰেছে এতিয়া পূৰ্বে কৰা পাপৰ ফল ভোগ কৰি আছে । উক্ত কাৰ্যসূচীত খাগৰিজান মণ্ডলৰ সভাপতি হৰিচৰণ ডেকা, শেনচোৱা পঞ্চায়ত সভাপতি ৰাজীৱ বৰাৰ লগতে নগাঁও জিলা সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক মোজাম্মিল হক আদিৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ।
লগতে পঢ়ক :Guinness Book of World Records: বিশ্ব অভিলেখৰ সাক্ষী হ'বলৈ সাজু ডিব্ৰুগড়ৰ বিহুৱা-নাচনী