কলিয়াবৰ,21মাৰ্চ: কলিয়াবৰত প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাতৰ চৰম পৰিণতি ৷ কলিয়াবৰত কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰশান্ত কুমাৰ শইকীয়াই টিকট লাভ কৰাৰ পিছতেই একাংশৰ মনত উমি-উমি জ্বলি থকা জুইকুৰাই এতিয়া সমগ্ৰ কলিয়াবৰৰ কংগ্ৰেছক আগুৰি ধৰিছে ৷ তাৰেই যেন বহিঃপ্ৰকাশ ঘটিল শনিবাৰে ৷ ২০১১ চনৰ বিধানসভা নিৰ্বাচনত কলিয়াবৰ সমষ্টিৰ পৰা কেশৱ মহন্তৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা পূৰ্বৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী তথা কলিয়াবৰ যুৱ কংগ্ৰেৰ প্ৰাক্তন সভাপতি তপন বৰাই শনিবাৰে দলে-বলে এক বিশাল ৰেলীৰে মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত অগপ দলত যোগদান কৰে ৷
ইতিপূৰ্বে, কংগ্ৰেছ দলৰ অসম কংগ্ৰেছ কিষাণ মৰ্চাৰ ৰাজ্যিক অধ্যক্ষ তথা কলিয়াবৰ সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰয়াসী সুৰেন্দ্ৰ কুমাৰ বৰঠাকুৰে দলীয় পদ ত্যাগ কৰি মুকলিকৈ অগপ প্ৰাৰ্থীক সহায় কৰাৰ কথা ঘোষণা কৰিছিল ৷ ইয়াৰ উপৰি তপন বৰাৰ সমৰ্থকৰ এটা অংশই অগপ দলত যোগদান কৰি কংগ্ৰেছ দলৰ ভেটিত ইতিমধ্যে কঁপনি তুলিছিল ৷
আনহাতে, নিৰ্বাচনৰ প্ৰাকমুৰ্হুতত কংগ্ৰেছ কৰ্মীৰ দলত্যাগে কলিয়াবৰ কংগ্ৰেছক একপ্ৰকাৰ নিঃচিহ্ন কৰাৰ বিপৰীতে অগপ দলৰ ভেটি শক্তিশালী কৰি তুলিছে ৷ উল্লেখ্য যে, শনিবাৰে যোগদান সভাত আমছুৰ কলিয়াবৰ জিলা আমছুৰ সম্পাদক মুজাহিদুল আলম সহ বহুকেইজন আমছু নেতাইও অগপ দলত আনুষ্ঠানিকভাৱে অগপ দলত যোগদান কৰে ৷
লগতে পঢ়কঃদলীয় কৰ্মীৰ উৎসাহ দেখি উৎফুল্লিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল