নগাঁও,৩ মে': শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ নেতৃত্বত একত্ৰিত হোৱা বিৰোধী ঐক্য মঞ্চৰ সন্দৰ্ভত তীৰ্যক মন্তব্য কৰা এ আই ইউ ডি এফ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিৰোধী ঐক্যৰ নেতৃত্ব (Rana Goswami Slams Ajmal) । সাংসদ বদৰুদ্দিন আজমলৰ এনে মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিতিয়েও ।
বুধবাৰে নগাঁৱত উপস্থিত হৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে প্ৰত্যুত্তৰ দিয়ে সাংসদ বদৰুদ্দিন আজমলৰ মন্তব্যৰ । নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত আজমল প্ৰসংগত ৰাণা গোস্বামীয়ে কয় যে, এ আই ইউ ডি এফৰ সৈতে থকা কংগ্ৰেছৰ মিত্ৰতা ইতিমধ্যেই ভংগ কৰাৰ পিচত আজমলৰ শেষ ভৰষা আছিল কংগ্ৰেছ হাইকামণ্ড (Assam Pradesh Congress Committee) ।
তেওঁ লগতে কয় যে, দিল্লীৰ ওচৰতো গুৰুত্বহীন হৈ পৰা আজমলৰ মন্তব্য এতিয়া থৰক বৰক হৈ পৰিছে । আজমলৰ মন্তব্যই এতিয়া ধুবুৰীতো হাঁহিৰ খোৰাক যোগোৱা বুলিও আজমলক কটাক্ষ কৰে ৰাণা গোস্বামীয়ে । ধুবুৰীতো আজমলে বৰ্তমান হেৰুৱাইছে ভৰিৰ তলৰ মাটি । ২০২৪ ৰ লোকসভা নিৰ্বাচনত ধুবুৰীত এ আই ইউ ডি এফ ধুলিস্যাৎ হ'ব বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰাণা গোস্বামীয়ে (AIUDF chief Badruddin Ajmal)।
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই মিত্ৰতাৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই আজমলে এতিয়া অবোল তাবোল কথা কবলৈ আৰম্ভ কৰিছে বদৰুদ্দিন আজমলে । বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ বৰ্তমান ভেন্টিলেশ্যনত থকা বুলি উল্লেখ কৰি ২০২১ চনতো ভেন্টিলেশ্যনত থকা এ আই ইউ ডি এফ কংগ্ৰেছৰ বোকোচাত উঠি নিৰ্বাচনত জয়ী হৈছিল বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে (Rana Goswami slams AIUDF chief)।
এইবাৰ নিৰ্বাচনত কোনো কাৰণতে কংগ্ৰেছে এ আই ইউ ডি এফক প্ৰশ্ৰয় নিদিয়ে বুলিও স্পষ্ট কৰি দিয়ে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে (APCC Executive President Rana Goswami) । যাৰ বাবেই বদৰুদ্দিন আজমলে এতিয়া মুখৰোচক মন্তব্য কৰি বিভিন্নজনক হাঁহিৰ খোৰাক দিয়া বুলিও কটাক্ষ কৰে প্ৰদেশ কংগ্ৰেছৰ নেতাগৰাকীয়ে ।
লগতে পঢ়ক: Srinkhal Chaliha arrested: শৃংখল চলিহাক শীঘ্ৰে মুক্তি দিয়াৰ দাবী অখিল গগৈৰ