ETV Bharat / state

দুখীয়াৰ ভোকৰ ভাতত কাৰ শেন চকু ! - nagaon corruption news

লক্ ডাউনৰ সময়চোৱাত দৰিদ্ৰ শ্ৰেণীৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণৰ যি ব্যৱস্থা কৰিছে, সেই ব্যৱস্থাত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ তুলিছে ৰাইজে ৷ ধিঙত সমবায়ৰ চাউল-দাইল আত্মসাৎ কৰাৰ অভিযোগ উঠিছে সমিতি আৰু সূলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে ৷ অভিযোগকাৰীক টকা দি মুক বন্ধ কৰাৰ চেষ্টা ৷

complaint of corruption against cooperative society

author img

By

Published : Apr 30, 2020, 1:00 PM IST

বটদ্ৰৱা, 30 এপ্ৰিল : দেশজুৰি অব্যাহত আছে লক্ ডাউন ৷ এই লক্ ডাউনে ৰোগৰ পৰা পৰিত্ৰাণ কৰিলেও কিন্তু ভোকৰ পৰা পৰিত্ৰাণ কৰিব পৰা নাই সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক ৷ দিনে আৰ্জি দিনে পেট প্ৰৱৰ্তোৱা লোকসকলে লক্ ডাউনৰ সময়চোৱাত ক'তো একো এটা কাম যোগাৰ কৰিব নোৱাৰাত আলৈ-আহুকালে দেখা দিছে তেওঁলোকৰ মাজত ৷ দেশৰ আন প্ৰান্তৰ লগতে অসমতো পৰিলক্ষিত হৈছে অনুৰূপ ছবি ৷ অৱশ্যে চৰকাৰে এই দৰিদ্ৰ শ্ৰেণীৰ লোক সকলক কিছু পৰিমাণে খাদ্য সামগ্ৰী আৰু এক কালীন অৰ্থ সাহায্য প্ৰদানৰ দিহা কৰিছে ৷

কিন্তু আশ্চৰ্যজনকভাৱে চৰ্চিত হ'বলৈ ধৰিছে খাদ্য-বিতৰণত দুৰ্নীতি অথৱা আত্মসাৎ হোৱাৰ প্ৰসংগ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত দৰিদ্ৰ লোক সকলক নিৰ্ধাৰিত পৰিমাণতকৈ কম খাদ্য সামগ্ৰী বিতৰণ কৰি এটা অংশ বিতৰকে হৰলুকি কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ বিশেষকৈ পঞ্চায়তৰ বিষয়ববীয়া, সমবায় সমিতিৰ বিষয়ববীয়া, সুলভ মূল্যৰ বিক্ৰেতা আদিৰ বিৰুদ্ধে উত্থাপিত হৈছে এনেবোৰ দুৰ্নীতিৰ অভিযোগ ৷

সমবায় আৰু সুলভমূল্যৰ বিক্ৰেতাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

নগাঁও জিলাতো ধিঙৰ বেছামাৰী সমবায় সমিতি আৰু ইয়াৰ অন্তৰ্গত সূলভ মূল্যৰ দোকানীয়ে খাদ্য সামগ্রী কমকৈ দিয়াৰ অভিযোগ উত্থাপন হৈছে । চৰকাৰে প্ৰতিটো পৰিয়ালক যোগান ধৰিছিল এক কেজিকৈ দাইল । কিন্তু সমবায় সমিতি আৰু সুলভ মূল্যৰ দোকানীয়ে এক কেজিৰ ঠাইত হিতাধিকাৰীক দিছে ৯০০ শ গ্ৰামকৈ দাইল । কেৱল দাইলেই নহয় চাউল বিতৰণৰ ক্ষেত্ৰতো নিৰ্ধাৰিত পৰিমাণতকৈ কম চাউল দিয়া বুলি অভিযোগ তুলিছে হিতাধিকাৰীয়ে ।

উল্লেখ্য যে, বেছামাৰী সমবায় সমিতিৰ অন্তৰ্গত ৪৩ খন সুলভ মূল্যৰ দোকানৰ বিপৰীতে ৭৭৪৫ টা পৰিয়ালৰ ৰেচন কার্ড আছে । কিন্তু, এই হিতাধিকাৰীসকলে অভিযোগ কৰা অনুসৰি ইচ্ছানুসৰি এশ গ্ৰামৰ পৰা 300 গ্ৰামলৈকে দালি আৰু প্ৰায় 3 কেজি লৈকে চাউল হিতাধিকাৰীৰ ভাগৰ পৰা আত্মসাৎ কৰিছে বিতৰকে ৷ সমবায় সমিতিত গোচৰ দিয়াৰ পাচত সমিতিৰ বিষয়ববীয়াই অভিযোগকাৰীক ধনৰ প্ৰলোভন দেখুৱাই মুখ বন্ধ কৰিব খোজা বুলি সাংবাদিকক জানিবলৈ দিছে হিতাধিকাৰী সকলে ৷

বেছামাৰী সমবায় সমিতিত দুৰ্নীতি সংঘটিত হোৱাৰ যি অভিযোগ উত্থাপন হৈছে, সেই সন্দৰ্ভত হিতাধিকাৰীসকলে ধিং ৰাজহ চক্ৰ বিষয়াক লিখিত অভিযোগ দাখিল কৰিছে । ভূক্তভোগী পৰিয়ালসমূহে চৰকাৰ তথা প্ৰশাসনক এই বিষয়ত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক : "সমালোচনাৰ সন্মুখীন হোৱাতকৈ মৃত্যুয়েই শ্ৰেয় !"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.