ETV Bharat / state

নগাঁৱত বিজেপি কৰ্মীৰ বিৰুদ্ধে মইমতালিৰ অভিযোগ - etv_bharat_assam

এম জি এনৰেগাৰ কামত ব্যাপক অনিয়মৰ অভিযোগ বিজেপি কৰ্মীৰ বিৰুদ্ধে। পথ নিৰ্মাণত ব্যাপক অনিয়ম কৰি ধন আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

নগাঁৱত বিজেপি কৰ্মীৰ মইমতালিৰ অভিযোগ
author img

By

Published : Jun 27, 2019, 6:47 PM IST

বঢ়মপুৰ,২৭ জুনঃ বিজেপি কৰ্মীৰ মইমতালিৰ অভিযোগ উত্থাপন হৈছে নগাঁও জিলাৰ কঠিয়াতলী উন্নয়নখণ্ডৰ জুৰিপাৰ পঞ্চায়তত। পথ নিৰ্মাণত ব্যাপক অনিয়ম কৰি ধন আত্মসাৎ কৰাৰ অভিযোগ ৷ এম জি এনৰেগাৰ কামত ব্যাপক অনিয়ম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ ঘনিষ্ঠ তথা বিজেপি নেতা ফৰিদ উদ্দিন তালুকদাৰৰ বিৰুদ্ধে এই অভিযোগ তুলিছে ৰাইজে। ফৰিদ উদ্দিন তালুকদাৰে পথ এটা নিৰ্মাণৰ নামত নিম্নমানৰ কাম কৰি ব্যাপক লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন হৈছে। পঞ্চায়তখনৰ ৪নং ৱাৰ্ডৰ প্ৰায় ২৮ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰিব লগা এটা চি চি ব্লক পথৰ কিছু কাম কৰি সৰহ অংশ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ ৰাইজৰ।

নগাঁৱত বিজেপি কৰ্মীৰ মইমতালিৰ অভিযোগ

২০১৭ বৰ্ষৰ ২১ মাৰ্চৰ পৰা নিৰ্মাণ আৰম্ভ কৰা পথটোৰ প্ৰায় এশ মিটাৰ কাম কৰিয়েই দ্বায়িত্ব সামৰাৰ লগতে নিৰ্মাণ কৰা কামখিনিও অতি নিম্নমানৰ কৰা হৈছে বুলি অভিযোগ স্থানীয় লোকৰ। ইফালে ফৰিদ তালুকদাৰৰ নেতৃত্বতে পঞ্চায়তখনৰ ২নং ৱাৰ্ডত ২০১৭-১৮ বৰ্ষত বানপানী প্ৰতিৰোধৰ বাবে এটা কৃষি বান্ধ নিৰ্মাণৰ বাবে ৩৫ লাখ ৯৮৬ টকা অনুমোদন হয় যদিও মাথো কেই গাড়ীমান মাটি পেলাইয়ে দায়িত্ব সামৰাৰো অভিযোগ উত্থাপন। বিজেপি নেতা ফৰিদ উদ্দিন তালুকদাৰৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ আছে যদিও স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসৰ ঘনিষ্ঠ হোৱাৰ বাবে তেওঁৰ বিৰুদ্ধে একো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি জনাই পঞ্চায়তবাসীয়ে। যাৰবাবে এই ক্ষেত্ৰত এতিয়া জিলা উপায়ুক্তৰ এক তদন্ত বিচাৰিছে স্থানীয় ৰাইজে।

Intro:Story=নগাওঁ জিলাৰ কঠিয়াতলী উন্নয়ণখণ্ডৰ জুৰিপাৰ পঞ্চায়তত বিজেপি কৰ্মীৰ মইমতালি । পথ নিৰ্মানত ব্যাপক অনিয়ম কৰি ধন আত্মসাৎ কৰাৰ অভিযোগ ৷
Anchor=কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জুৰিপাৰ গাঁও পঞ্চায়তত উন্নয়নৰ কামৰ নামত বিজেপি নেতাৰ মইমতালি । এম জি এনৰেগাৰ কামত ব্যাপক অনিয়ম কৰাৰ অভিযোগ ।ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ সংগী ফৰিদ উদ্দিন তালুকাৰৰ বিৰুদ্ধে এই অভিযোগ । তালুকদাৰে এটা পথৰ নিম্নমানৰ কাম কৰি ব্যাপক লুণ্ঠণ কৰাৰ অভিযোগ ।

Body:V/o=দূৰ্নীতি বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনতে খুদ বিজেপি কৰ্মীৰ বিৰুদ্ধেই লুণ্ঠনৰ অভিযোগ উঠিছে । এইবাৰ চৰ্চালৈ আহিছে ৰহা সমষ্টিৰ জুৰিপাৰ পঞ্চায়তৰ এজন বিজেপি নেতা । ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ ঘনিষ্ঠ ফৰিদ উদ্দিন তালুকদাৰে জুৰিপাৰ পঞ্চায়তত বহুকেইটা এম জি এন ৰেগাৰ কামৰ ঠিকা লাভ কৰি ব্যাপক লুণ্ঠন কৰাৰ অভিযোগ উঠিছে । জানিব পৰা মতে পঞ্চায়ত খনৰ ৪ নং ৱাৰ্ডত নিজৰ ঘৰৰ সন্মুখৰে ফৰিদ উদ্দিন তালুকদাৰৰ ঘৰৰ পৰা ফকৰউদ্দিনৰ ঘৰলৈ প্ৰায় ২৮ লাখ টকা ব্যয়ৰে এটা চি চি ব্লক পথ নিৰ্মান কৰিব লগা পথটো কিছু কাম কৰি সিংহ ভাগ ধন আত্মসাৎ কৰাৰ গুৰুত্বৰ অভিযোগ ৰাইজৰ । ২০১৭ বৰ্ষৰ একৈশ মাৰ্চৰ পৰা নিৰ্মাণ আৰম্ভ কৰা পথটোৰ কাম প্ৰায় এশ মিটাৰ কৰিয়েই দ্বায়িত্ব সামৰিলে । যি খিনি কৰিলে সেইখিনিও নিম্নমানৰে কৰাৰ অভিযোগ স্থানীয় লোকৰ । ইফালে ফৰিদ তালুকদাৰৰ নেতৃত্বতে পঞ্চায়ত খনৰ ২নং ৱাৰ্ডত ২০১৭-১৮ বৰ্ষত বানপানী প্ৰতিৰোধৰ বাবে এটা কৃষি বান্ধ নিৰ্মানৰ বাবে ৩৫ লাখ ৯৮৬ টকা অনুমোদন হয় যদিও মাথোন কেইগাড়ীমান মাটি পেলাইয়ে দ্বায়িত্ব সামৰে ।
Byte=স্থানীয় লোক ।

Conclusion:Vo=উল্লেখ্য যে বিজেপি নেতা ফৰিদ উদ্দিন তালুকদাৰৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ আছে যদিও স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসৰ সংগী হোৱাৰ বাবে সকলো গাপ দি থকা বুলি জানিব দিছে স্থানীয় ৰাইজে । যাৰবাবে জিলা উপায়ুক্তৰ এক তদন্ত বিচাৰিছে স্থানীয় পঞ্চায়ত বাসীয়ে ।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.