চামগুৰি, 30 জুলাই : নগাঁও জিলাৰ মিকিৰ বামুণী গ্ৰাণ্টত আজুৰ পাৱাৰ নামৰ কোম্পানীটোৰ বিৰুদ্ধে যৌথভাৱে প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিলে কেইবাটাও দল-সংগঠনে । কোম্পানীটোৱে বিদ্যুত চুৰি কৰি কাম চলাই থকাৰ অভিযোগ উত্থাপন কৰে স্থানীয় দল-সংগঠন সমূহে ৷ বিদ্যুত চুৰি কৰাৰ অভিযোগ থকাৰ পিছতো কোনো ধৰণৰ বিহিত ব্যৱস্থা নোলোৱাৰ প্ৰতিবাদত বৃহস্পতিবাৰে এপিডিচিএলৰ নগাঁও মহাপ্ৰবন্ধকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷
নিখিল ভাৰত কৃষক সভা, কৃষক মুক্তি সংগ্ৰাম সমিতি(KMSS), নিখিল ভাৰত যুব ফেডাৰেচন আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি(SMSS)ৰ নগাঁও জিলা কৰ্মকৰ্তাসকলে সকলে এই প্ৰতিবাদত ভাগ লয় ৷ প্ৰতিবাদকাৰী সকলে ক’ভিড বিধি অৱলম্বন কৰি প্ৰায় ১ ঘণ্টা ধৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ তেওঁলোকে বিদ্যুৎ চুৰিত জড়িত আজুৰ পাৱাৰ কোম্পানীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় ৷
ইয়াৰোপৰি, বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাৰ পাছতো কেনেকৈ আজুৰ পাৱাৰে অবৈধভাৱে বিদ্যুৎ লাভ কৰে সেই বিষয়ে এ পি ডি চি এলক (APDCL) জৱাবদিহি কৰে প্ৰতিবাদকাৰীসকলে ৷ ইয়াৰ উপৰিও আজুৰ পাৱাৰক ব্লেকলিষ্টতেড কোম্পানী হিচাপে ঘোষণা কৰা, দুই নম্বৰী আজুৰ পাৱাৰ মিকিৰ বামুণী গ্ৰান্ট ত্যাগ কৰা আদি শ্ল’গান গ্ৰহণ কৰি প্ৰতিবাদকাৰী সকলে উত্তাল কৰি তোলে এপিডিচিএলৰ নগাঁও মহাপ্ৰবন্ধকৰ কাৰ্যালয় ৷
এই বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি চিপিআই(CPI)ৰ নগাঁও জিলা সম্পাদক ৰাতুল বৰাই কয় বিদ্যুৎ বিভাগে বিদ্যুৎ কৰ্তন কৰাৰ পাছতো কেনেকৈ আজুৰ পাৱাৰে অবৈধভাৱে বিদ্যুতিক কাম-কাজ চলাব পাৰে সেইটোহে বুজিবলৈ কঠিন হৈছে । সেয়ে এই ঘটনাৰ এক যথোচিত তদন্তৰ দাবী কৰে সংগঠনটোৱে । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা জীতেন বৰাই কোম্পেনীটোক দুই নম্বৰী কোম্পানী আখ্যা দি শীঘ্ৰে ব্লেক লিষ্টেদ(black listed) কৰিব লাগে বুলি মন্তব্য কৰে ।
লগতে পঢ়ক : মুখ্য়মন্ত্ৰীক মিজোৰামৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণৰ আহ্বান এ আই ইউ ডি এফৰ