ETV Bharat / state

নাথ-যোগী সমাজৰ শ্ৰেষ্ঠ সম্প্ৰদায়ঃ সৰ্বানন্দ সোণোৱাল - সৰ্বানন্দ সোণোৱাল

শনিবাৰে নগাঁৱত অনুষ্ঠিত অসম প্ৰাদেশিক নাথ-যোগী সন্মিলনৰ শতবাৰ্ষিকী সামৰণি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ অনুষ্ঠানৰ মুকলি সভাত অংশগ্ৰহণ কৰি নাথ-যোগী সমাজেই অসমীয়া জাতিক বিশ্বৰ শ্ৰেষ্ঠ জাতি হিচাপে প্ৰতিষ্ঠা কৰাত অন্যতম ভূমিকা পালন কৰা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

নগাঁও
নাথ-যোগী সমাজৰ শ্ৰেষ্ঠ সম্প্ৰদায়ঃ সৰ্বানন্দ সোণোৱাল
author img

By

Published : Feb 15, 2020, 10:58 PM IST

নগাঁও, 15 ফেব্ৰুৱাৰীঃ ‘নাথ-যোগী সমাজৰ শ্ৰেষ্ঠ সম্প্ৰদায়’, এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ শনিবাৰে অসম প্ৰাদেশিক নাথ-যোগী সন্মিলনৰ শতবাৰ্ষিকী সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ অনুষ্ঠানৰ মুকলি সভাত অংশগ্ৰহণ কৰি তেওঁ অত্যন্ত শক্তিশালী ৰূপত নাথ-যোগী সমাজেই অসমীয়া জাতিক বিশ্বৰ শ্ৰেষ্ঠ জাতি হিচাপে প্ৰতিষ্ঠা কৰাত অন্যতম ভূমিকা পালন কৰিব বুলিও মন্তব্য কৰে ৷

নাথ-যোগী সমাজৰ শ্ৰেষ্ঠ সম্প্ৰদায়ঃ সৰ্বানন্দ সোণোৱাল

সামৰণি অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মা, কিশোৰ নাথ, ডিম্বেশ্বৰ দাস, প্ৰাক্তন ৰে'ল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাই, গুৰু শিৱনাথ মহাৰাজ, জিলা উপায়ুক্ত যাদৱ শইকীয়া তথা জিলা আৰক্ষী অধীক্ষক অভিজিত গুৰাৱকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ ইয়োৰপৰি অসমৰ সম্পদ সম্ভাৱনাৰ বিষয়ে বিশ্ববাসীৰ আগত প্ৰকাশৰ বাবেই ফিল্মফেয়াৰৰ আয়োজন কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে এই সভাৰ পৰাই মন্তব্য আগবঢ়ায় ৷ আনহাতে, গুৱাহাটীত ফিল্মফেয়াৰত অংশগ্ৰহণ কৰাৰ বাবে উপস্থিত হোৱা বলীউডৰ তাৰকাৰসকলৰ ভিতৰত কোন প্ৰিয় বুলি সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ ৰাইজ অধিক প্ৰিয় বুলি মন্তব্য প্ৰকাশ কৰে ৷

আৰু পঢ়কঃ ছাত্ৰ আত্মহত্যাক লৈ উত্তপ্ত নগাঁও, এক প্ৰতিবেদন......

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.